চুৰাটৰ এ এম/এন এছ প্লাণ্টত উত্তেজনা : দৰমহা বৃদ্ধিৰ দাবীত ধৰ্মঘট কৰা শ্ৰমিকসকলৰ অগ্নিসংযোগ
চুৰাট, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গুজৰাটৰ চুৰাটৰ হাজিৰাত বৃহস্পতিবাৰে আৰ্চেলৰ মিত্তল নিপ্পন ষ্টীল (এ এম/এন এছ) প্লাণ্ট স্থানত হুলস্থুলৰ সৃষ্টি হয়। দৰমহা বৃদ্ধি আৰু অন্যান্য দাবীত ধৰ্মঘট কৰা শ্ৰমিকসকল হঠাতে হিংসাত্মক হৈ পৰে। পৰিস্থিতি ক্ষন্তেকতে তীব্ৰ
AM/NS प्लांट में उग्र प्रदर्शन


চুৰাট, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গুজৰাটৰ চুৰাটৰ হাজিৰাত বৃহস্পতিবাৰে আৰ্চেলৰ মিত্তল নিপ্পন ষ্টীল (এ এম/এন এছ) প্লাণ্ট স্থানত হুলস্থুলৰ সৃষ্টি হয়। দৰমহা বৃদ্ধি আৰু অন্যান্য দাবীত ধৰ্মঘট কৰা শ্ৰমিকসকল হঠাতে হিংসাত্মক হৈ পৰে। পৰিস্থিতি ক্ষন্তেকতে তীব্ৰতৰ হৈ পৰে, যাৰ ফলত লণ্ডভণ্ড কৰি কেইবাখনো বাহনত জুই লগাই দিয়া হয়।

আজি পুৱা লাৰ্চেন এণ্ড টৌব্ৰ’ (এল এণ্ড টি)ত নিয়োজিত হাজাৰ হাজাৰ শ্ৰমিকে উদ্যোগটোৰ স্থানত হঠাতে ধৰ্মঘট কৰে। দৰমহা বৃদ্ধিৰ অভাৱ আৰু কামৰ সময় বৃদ্ধি কৰাত ক্ষুব্ধ হৈ পৰে শ্ৰমিকসকল। প্ৰথম অৱস্থাত শান্তিপূৰ্ণ ধৰ্মঘট চলিছিল যদিও হঠাৎ একাংশ শ্ৰমিকে হিংসাত্মক প্ৰতিবাদ আৰম্ভ কৰে। প্লাণ্ট চৌহদত ৰখাই থোৱা ১০খনতকৈও অধিক বাহন ভাঙি-ছিঙি কেইবাখনো বাহনত অগ্নিসংযোগ কৰে। কোম্পানীটোৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহো ক্ষতিগ্ৰস্ত হয়, লগতে কেইবাখনো মটৰ চাইকেল জ্বলি যায়। উদ্যোগটোৰ প্ৰৱেশ আৰু প্ৰস্থান গেটত স্থাপন কৰা অত্যাধুনিক যন্ত্ৰপাতিও ভাঙি পেলোৱা হয়।

প্ৰতিবাদকাৰীসকলে শ্ল’গান দি উদ্যোগটোত চলা অভিযান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, যাৰ ফলত সমগ্ৰ চৌহদত বিশৃংখলতাৰ সৃষ্টি হয়। কৰ্মচাৰীসকলৰ ক্ষোভ ইমানেই বাঢ়ি যায় যে কাৰ্যালয়ত প্ৰৱেশ কৰি আচবাব আৰু অন্যান্য সামগ্ৰীৰ ক্ষতিসাধন কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত ব্যাপক আৰক্ষী বাহিনী মোতায়ন কৰা হয় । আৰক্ষীয়ে প্ৰতিবাদকাৰীক শান্ত কৰাৰ চেষ্টা চলাইছিল যদিও ৰাইজে শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী চালনাৰ আশ্ৰয় লয়।

আৰক্ষীৰ মতে, হাৰিয়ানাৰ পানীপাটত এজন কৰ্মচাৰীৰ মৃত্যুৰ ভিডিঅ’ হোৱাটছএপত ভাইৰেল হোৱাৰ পিছতে স্থানীয় উত্তেজনা বৃদ্ধি পায়। চুৰাটৰ ডিচিপি শ্বেফালী বৰৱালে কয় যে ভাইৰেল কন্টেন্টে কৰ্মচাৰীসকলক উচটনি দিছিল, যাৰ ফলত পৰিস্থিতি দ্ৰুতগতিত নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছিল।

এ এম/এন এছ ইণ্ডিয়াই এক বিবৃতিত উল্লেখ কৰি কয় যে উদ্যোগস্থলীত এল এণ্ড টিয়ে নিয়োজিত শ্ৰমিকৰ এটা দলে বৃহৎ সংখ্যক লোকে সমবেত হৈ আজি তেওঁলোকৰ সংগঠন (এল এণ্ড টি)ৰ বিৰুদ্ধে কিছুমান দাবী দাখিল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এল এণ্ড টি মেনেজমেণ্টে শ্ৰমিকসকলৰ সৈতে পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি পৰিস্থিতিটো ক্ষিপ্ৰতাৰে চম্ভালিছে। স্থানীয় প্ৰশাসনেও এই স্থানৰ পৰিস্থিতি পৰিচালনাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

লাৰ্ছন এণ্ড টৌব্ৰ’ই এক বিবৃতি প্ৰকাশ কৰি কয় যে গুজৰাট চৰকাৰে অধিসূচনা জাৰি কৰাৰ পিছত কোম্পানীটোৱে শ্ৰমিক সংহিতা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিব।

সমগ্ৰ অঞ্চলটোত আৰক্ষী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে এই হিংসাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande