দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ শিঙিমাৰীৰ বিদ্যুৎ উত্তোলক জলসিঞ্চন প্ৰকল্প বিগত ৫০ বছৰ ধৰি বিকল
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ শিঙিমাৰীৰ বিদ্যুৎ উত্তোলক জলসিঞ্চন প্ৰকল্প বিগত ৫০ বছৰ ধৰি বন্ধ৷
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ শিঙিমাৰীৰ বিদ্যুৎ উত্তোলক জলসিঞ্চন প্ৰকল্প বিগত ৫০ বছৰ ধৰি বিকল


কামৰূপ, ২৬ ফেব্ৰুৱাৰী (হি.স.): দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ শিঙিমাৰীৰ বিদ্যুৎ উত্তোলক জলসিঞ্চন প্ৰকল্প বিগত ৫০ বছৰ ধৰি বন্ধ হৈ আছে ৷ বহু বছৰ ধৰি আঁচনিৰ পৰা কৃষক ৰাইজে পথাৰত পোৱা নাই পানী ৷ ফলত জহি-খহি গৈছে গভীৰ নলা-নাদ ৷

উল্লেখ্য় যে গৰৈমাৰীৰ শিঙিমাৰী হাবি গাঁৱৰ কলহী নৈৰ কাষত ১৯৭২ চনত কৃষক ৰাইজৰ সুবিধাৰ্থে বিদ্যুৎ উত্তোলক জলসিঞ্চন প্ৰকল্পখন তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী ফখৰুদ্দিন আলী আহমেদে বিদ্যুৎ উত্তোলক জলসিঞ্চন আঁচনিখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷ শিঙিমাৰীৰ গভীৰ নলী-নাদ আঁচনিযােগে মাথোঁ এবছৰ খেতিপথাৰত পানী যােগান ধৰাত তেতিয়া কৃষক ৰাইজ উপকৃত হৈছিল যদিও বিগত প্ৰায় ৫০ বছৰ ধৰি প্ৰকল্পটো বন্ধ হৈ আছে ৷ ফলত কৃষক ৰাইজে ছেল' মেচিনৰ জৰিয়তে খেতি পথাৰত পানী দিবলগীয়া হৈছে ৷

আঁচনিখন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত অঞ্চলটোৰ ৰাইজে কৃষিকৰ্মত চৰম দুর্ভোগ ভূগি আহিছে ৷ শিঙিমাৰী হাবিৰ বিদ্যুৎ উত্তোলক জলসিঞ্চন প্ৰকল্পটি পুনৰ কাৰ্যক্ষম কৰি খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande