
ওদালগুৰি, ২৬ ফেব্ৰুৱাৰী (হি.স.): ওদালগুৰি চহৰৰ সমীপৰ দাণ্ডিপুৰৰ মাজনী দেৱী নামৰ এগৰাকী ছাত্ৰী সন্ধানহীন হৈ পৰিছে । সোমবাৰে বিয়লি ৪ বজাৰ পৰা সন্ধানহীন হৈ আছে মাজনী দেৱী। এই সন্দৰ্ভত ওদালগুৰি সদৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকসকলে ।
ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল মাজনী দেৱী । সন্ধানহীন হোৱাৰ দিনা পৰিয়াল লোকে ওদালগুৰিৰ আশে পাশে বিচাৰ কৰি একো নোপোৱাত ৰঙিয়ালৈ বিচাৰি গৈছিল যদিও কোনো সন্ধান নাপালে মাজনীৰ । ছাত্ৰী গৰাকী কোনো দুষ্ট চক্ৰৰ কবলত পৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকসকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ