
ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। বিলাসীপাৰাৰ বামুনীগাওঁত গাওঁত আজি উপস্থিত হয় ৰেচম বিভাগৰ মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্ম। উদ্দেশ্য বিভাগীয় চোম পামৰ আন্তঃগাথনিৰ উন্নীতকৰণ। গাওঁখনত ইতিমধ্যে গঢ়ি তোলা চোম খেতিৰ পামৰ ইমান দিনে নাছিল কোনো আন্তঃগাথনি। বিভাগীয় বিস্তৃৰ্ণ এলেকাত চোম গছৰ পুলি উৎপাদন কৰাৰ উপৰি পুলি ৰোপনো কৰা হৈছে।
পিছে আন্তঃগাথনি শূণ্য হোৱাৰ বাবে পাম খনৰ পৰিচৰ্যা কৰাত বিভাগীয় কৰ্মচাৰী সকলে ভুগি আহিছে যমৰ যাতনা । মন্ত্ৰী ব্ৰহ্মৰ প্ৰচেষ্টাত এচো.পি.ডি. আচঁনিৰ জৰিয়তে এটি জালি গৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। ২৫ লাখ টকীয়া গৃহৰ আধাৰ শিলা স্থাপন কৰিয়ে মন্ত্ৰীজনে কয় যে,ইয়াৰ দ্বাৰা ৰেচম উৎপাদনকাৰী সকল উপকৃত হব। তেওঁ আৰু কয় যে,অসমত বিভাগটোৰ প্ৰায় ২ হেজাৰ হেক্টৰ মাটি আছে। ইয়াৰে প্ৰায় ১ হেজাৰ হেক্টৰ ভুমি খালীহৈ পৰি আছে। খালীহৈ থকা ভুমিত পুণৰ খেতি কৰিবলৈ পদক্ষেপ লোৱা হৈছে। যাৰ দ্বাৰা চৰকাৰে বিশেষকৈ মহিলা সকলক কৰ্মক্ষম কৰি তোলাৰ প্ৰয়াস কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ