গৌৰীপুৰ দাওভাঙ্গীত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গৌৰীপুৰ দাওভাঙ্গীত অবৈধ কাঠ দোকানৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অনুজ্ঞাপত্ৰ বিহীন ভাবে গঢ়লৈ উঠিছিল কেইবা খনো কাঠৰ দোকান । দীর্ঘ দিনে একাংশ কাঠ বেপাৰীয়ে চলাই আহিছিল অবৈধ কাঠৰ ৰমৰমীয়া বেহা। ধুবুৰী আৰু গৌৰীপুৰ বন বিভাগৰ য
গৌৰীপুৰ দাওভাঙ্গীত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান


ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গৌৰীপুৰ দাওভাঙ্গীত অবৈধ কাঠ দোকানৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অনুজ্ঞাপত্ৰ বিহীন ভাবে গঢ়লৈ উঠিছিল কেইবা খনো কাঠৰ দোকান । দীর্ঘ দিনে একাংশ কাঠ বেপাৰীয়ে চলাই আহিছিল অবৈধ কাঠৰ ৰমৰমীয়া বেহা। ধুবুৰী আৰু গৌৰীপুৰ বন বিভাগৰ যৌথ অভিযান বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ।

দুখনকৈ অবৈধ কাঠৰ দোকানত বন বিভাগে অভিযান চলাই শাল, নন শাল,পাইন গছৰ ছিৰাই কাঠ জব্দ। অবৈধ কাঠ দোকানৰ গৰাকী দুজন ক্ৰমে ওচমান আৰু হামিদূৰ বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande