
গোৱালপাৰা ২৬ ফেব্ৰুৱাৰী (হি.স.): চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই গোৱালপাৰা জিলাৰ ৰংজুলি উন্নয়ণ খণ্ডৰ অন্তৰ্গত এখন গাঁৱৰ চাৰি শতাধিক পৰিয়ালক। আমি কব বিচাৰিছো ৰংজুলি উন্নয়ণ খণ্ডৰ খুটাবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ ৩ নং ৱাৰ্ডৰ কথা। বিগত সময়ছোৱাত পঞ্চায়ত সভাপতি আৰু ৱাৰ্ড সদস্যৰ মতানৈক্যৰ বাবেই গাঁওখনত কৰা হোৱা নাছিল প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহৰ জিঅ'টেগ। যাৰ বাবে অনুসূচীত জাতি লোকৰ বসতিপ্ৰধান গাঁওখনৰ প্ৰায় চাৰি শতাধিক পৰিয়াল বঞ্চিত হৈছে PMAY ৰ গৃহ আৱন্টনৰপৰা।
তেনে এটি দৰিদ্ৰ পৰিয়াল হৈছে অলকা বিশ্বাসৰ পৰিয়াল । চৰকাৰী গৃহৰ পৰা বঞ্চিত হোৱা বাবেই পৰিয়ালটোৱে একমাত্ৰ থকাঘৰটোৰ চালিৰ ওপৰত ত্ৰিপাল দি জোৰা টাপলিৰে এটা জৰাজীৰ্ণ পৰিৱেশত থাকিব লগীয়া হৈছে । পঞ্চায়ত প্ৰতিনিধিৰ দুৱাৰে দুৱাৰে ঘুৰিও সুফল পোৱা নাই পৰিয়ালটোৱে। সাংবাদিকৰ আগত ক্ষোভ-মামাই দিলেও দালালে নাচায় আমাক । শীঘ্ৰে গাঁওখনত নতুনকৈ জিঅ'টেগ কৰি দৰিদ্ৰ পৰিয়ালসমূহক PMAY গৃহ প্ৰদানৰ দাবী জনাইছে গাঁওবাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ