
দৰং, ২৬ ফেব্ৰুৱাৰী (হি.স.): দৰং জিলাৰ দলগাঁৱত একে দিনাই প্ৰায় ডেৰ কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক মজিবুৰ ৰহমানে । দলগাঁৱৰ খাটনিয়াপাৰা আৰু বালিগাঁও গাঁও পঞ্চায়তৰ কেইবাটাও পথৰ কামৰ ফিতা কাটি শুভ উদ্বোধন কৰে বিধায়ক মজিবুৰ ৰহমানে । বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উন্নয়নক মূল মন্ত্ৰ হিচাপে লৈ ৰাইজৰ মাজলৈ যাব বিধায়ক জন। পূৰ্বতকৈ অধিক ভোটত আগন্তুক নিৰ্বাচনত ৰাইজে জয়ী কৰাব বুলি দাবী কৰিচে বিধায়ক গৰাকীয়ে।
যাতায়তৰ ক্ষেত্ৰত সকলো কেঁচা পথ পকীকৰণ কৰাৰ উদ্দেশ্যে চলোৱা অভিযান সফলতাৰ পথত বুলি মন্তব্যৰে দলগাঁৱত সম্প্ৰতি প্ৰায় ৩০০ কোটি টকাৰ পথৰ কাম আৰু ৬০ কোটি টকাৰ নদী বান্ধৰ চলি থকাৰ কথা প্ৰকাশ কৰে বিধায়ক জনে। আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চই দলগাঁও সমষ্টিত ৰাইজৰ দলৰ পৰা আজিজুৰ ৰহমানক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি চৰ্চা সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক জনে । তেওঁ কয় যে- ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিজেপিৰ এজেন্ট, হিমন্তৰ মূল মানুহ অখিল গগৈ। দলগাঁৱত ৰাইজৰ দলৰ ভেটি নাই কিন্তু কংগ্ৰেছৰ ভেটি আছে । নিৰ্বাচনত যুজঁ হ'বই, কিন্তু ৰাইজৰ দলৰ পৰিবৰ্তে কংগ্ৰেছক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে যুজঁ আকৰ্ষণীয় হ'ব বুলি মন্তব্য কৰে বিধায়ক মজিবুৰ ৰহমানে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ