
বিশ্বনাথ, ২৬ ফেব্ৰুৱাৰী (হি.স.): বিশ্বনাথ চাৰিআলিৰ ৰে'লষ্টেচন গেটত সাংসদ এলেকাৰ উন্নয়ন পুঁজি ২০২৫-২৬ বৰ্ষৰ অধীনত আবণ্টিত ২৫ লাখ টকাৰ ব্যয়ৰে বিশ্বনাথ বিধানসভা সমষ্টিত যোৱা কালি বুধবাৰে বিয়লি সামূহিক ভৱন আধাৰশিলা আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। এই সভাত সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে বিশ্বনাথৰ চক্ৰ বিষয়া মাধুৰ্য পৰাশৰ, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম কুমাৰ দাস, জিলা পৰিষদৰ সদস্য প্ৰণোদীপ্ত ৰাজখোৱাৰ উপৰিও স্থানীয় ৰাইজ সকল উপস্থিত থাকে।
ইফালে এই কেন্দ্ৰটোৱে অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলক কাৰিকৰী শিক্ষাৰে স্বাৱলম্বী হ'বলৈ সহায় কৰিব বুলি সাংসদ গৰাকীয়ে কয়। লগতে সাংসদ গৰাকীয়ে নিৰ্মাণ কাৰ্য গুণগত মানদণ্ডৰে সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ