ধুবুৰী জিলাৰ বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত প্ৰচণ্ড মাৰপিটৰ ঘটনা
ধুবুৰী জিলাৰ বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত প্ৰচণ্ড মাৰপিটৰ ঘটনা।
ধুবুৰী জিলাৰ বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত প্ৰচণ্ড মাৰপিটৰ ঘটনা


ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত যোৱা কালি বিয়লি প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । দুয়োপক্ষৰ মাজত হোৱা মাৰপিটত উক্ত কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতিৰ স্ষ্টি হয়। পঞ্চায়তত সভানেত্ৰীৰ বাহিৰে সকলো কাম কাজ কৰে লৰা ৰফিকুল ইছলামে সাংবাদিকক অভিযোগ দিয়া থকাৰ সময়চোৱাতে দুয়োটা পক্ষৰ মাজত মাৰপিট সংঘটিত হয় ৷ পৰিস্থিতি ইমানেই ভয়ংকৰ হয় যে নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় বিশাল আৰক্ষীৰ দল ৷ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দুয়োপক্ষৰে তিনিজন ব্যক্তিক আৰক্ষীয়ে আটক কৰে।

দৰাচলতে, ধুবুৰী জিলাৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মোহোৰিৰ চৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰহিমা খাতুনৰ স্বামী শিক্ষক কদম আলীৰ আৰু লৰা ৰফিকুল ইছলামে মহৰিৰ গাওঁ পঞ্চায়তৰ লগতে বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সকলো চৰকাৰী কাম-কাজত হস্তক্ষেপ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় উক্ত সেই উত্তপ্ত ঘটনা। গাওঁ পঞ্চায়তটোৰ বাসিন্দা আবু সামাদ শেখে কৰা অভিযোগ অনুসৰি বিষয়টো সন্দৰ্ভত আনকি বীৰসিং জৰুৱাৰ খণ্ড উন্নয়ন বিষয়াক কেইবাবাৰো অভিযোগ কৰিও পোৱা নাই সুফল। কিন্তু এইবোৰ অভিযোগ সাংবাদিকক জনোৱাক কেন্দ্ৰ কৰি এই মাৰপিৰ ঘটনা সংঘটিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande