
গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সেৱা সংকল্প সপ্তাহৰ অংশ হিচাপে কিশোৰী ছোৱালীৰ সবলীকৰণ বিষয়ক এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম লোকভৱনৰ উদ্যোগত অসমৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু ইউনিচেফৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
গুৱাহাটীৰ খানাপাৰাৰ প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই উপলক্ষে শোভা বঢ়াব।
এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ৰাজ্যখনৰ কিশোৰীসকলৰ শিক্ষা, স্বাস্থ্য, পুষ্টি, আৰু সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত পদক্ষেপসমূহ শক্তিশালী কৰা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া