
দৰঙ, ২৬ ফেব্ৰুৱাৰী (হি.স.)।বানপানী প্ৰতিৰোধ কৰিবলৈ জি অ টিউব পদ্ধতিৰে ধনশ্ৰী নৈৰ পাৰত বান্ধ নিৰ্মাণ। ১৬ কিমি দৈৰ্ঘ্যৰ নতুন বান্ধে উপকৃত কৰিব দহখন গাঁৱক । বিগত বছৰবোৰত ধনশ্ৰী নৈৰ বানপানীৰ ফলত ব্যপক ক্ষতিগ্ৰস্থ হোৱা নৈপৰীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ জি অ টিউব পদ্ধতিৰে বান্ধ নিৰ্মাণ আৰম্ভ হোৱাত বৃহৎ বহু কেইখন বানপানীৰ পৰা বিপদমুক্ত হব ৷
দৰঙৰ কৌপাটীৰ পৰা খেৰনি চাপৰি লৈ ধনশ্ৰী নৈৰ পশ্চিম পাৰত জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মাণ কৰি থকা হৈছে প্ৰায় ১৬ কিমি সুবিশাল বান্ধৰ কাম৷ প্ৰায় ২০ কোটী টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা উক্ত বান্ধটো সম্পূৰ্ণ হৈ উঠিলে ঘিলাধাৰী, ৰঙাগৰা পথাৰ, ৪ নং শিয়ালমাৰী, কাছোমাৰী, নদীৰপাৰ, বগৰিবাৰী, ৰৌমাৰী আৰু খেৰনি চাপৰি প্ৰায় দহখন গাঁও বানপানীৰ কৱলৰ পৰা ৰক্ষা পৰিব বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে প্ৰায় ৮০ ফুট দৈৰ্ঘৰ একো একোটা টিউবত নৈৰ পৰা মটৰ সংযোগ কৰি বালিৰে ভৰাই লৈ ওপৰত মাটিৰে নিৰ্মাণ কৰি থকা হৈছে নতুন পদ্ধতিৰ বান্ধ আৰু পথ৷ ইয়াৰ পূৰ্বে ধনশ্ৰী নৈৰ পাৰত পাৰ্কপাইন, বল্ডাৰ প্ৰটেকচন আদি পদ্ধতিৰে গৰাখহনীয়া ৰোধ কৰিবলৈ বিভিন্ন পদ্ধতি কৰা হৈছিল যদিও সেইবোৰ আঁচনিৰে নৈপৰীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল৷ কিন্ত বৰ্তমান বালি ভৰ্তি টিউব পদ্ধতিৰে নিৰ্মাণ কৰা এনে বান্ধৰ ফলত নৈ পৰীয়া ৰাইজ কিছু পৰিমানে হলেও বানপানীৰ কৱলৰ পৰা মুক্ত থাকিব বুলি আশাবাদী নৈপৰীয়া গাঁৱৰ ৰাইজ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা