
দিল্লী, ২৬ ফেব্ৰুৱাৰী(হি.স.)। ৰাজ্যসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগে আজি জাৰি কৰিলে অধিসূচনা। ১৬ মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন।
ৰাজ্যসভাৰ মুঠ আসন ২৪৫ খন আসনৰ ভিতৰত ৭২ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। আন ৰাজ্যৰ খালী হ'ব লগা আসনৰ লগতে ৰাজ্যসভাত খালী হ'ব অসমৰো ৩ খন আসন।
খালী হব গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উৰিষ্যা, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগ চত্তিশগড়, ৰাজস্থান, হাৰিয়ানা, হিমাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, অৰুণাচল প্ৰদেশৰ আসন। ইফালে ১৬ মাৰ্চত ৰাজ্যসভাত খালী হ'ব কেন্দ্ৰীয় চৰকাৰৰ মনোনীত প্ৰাৰ্থী দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অসমৰ ৰঞ্জন গগৈৰ আসন খন।
ইফালে ৯ এপ্ৰিলত খালী হ'ব অসমৰ ৰামেশ্বৰ তেলী, ভূৱনেশ্বৰ কলিতা, আৰু অজিত কুমাৰ ভূঞাৰ আসন তিনিখন।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ