
নগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি অঞ্চলত আৰক্ষীয়ে চলোৱা এক বৃহৎ অভিযানত প্ৰায় ৪ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। বৃহস্পতিবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, নিয়মীয়া পৰীক্ষাৰ সময়ত এখন ট্ৰাকৰ পৰা ৮০ হাজাৰ য়াবা টেবলেট জব্দ কৰা হৈছে। এক গোপন সূত্ৰৰ ভিত্তিত বুধবাৰে নিশা কলিয়াবৰ সমজিলাৰ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত চলা নাকা চেকিঙৰ সময়ত ধৰা পৰে বৃহৎ পৰিমানৰ টেবলেট খিনি ৷ খবৰ অনুসৰি এই টেবলেটসমূহ মণিপুৰৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হৈছিল।
আৰক্ষীৰ সূত্ৰ মতে বাগৰি আৰক্ষী চকীৰ সন্মুখত চলোৱা অভিযানত ধৰা পৰা ট্ৰাকখনত কোনো সামগ্ৰী নাছিল ৷ কিন্তু আৰক্ষীৰ তালাচিত খালী ট্ৰাকখনৰ চালকৰ কেবিনত নিৰ্মান কৰি লোৱা গোপন চেম্বাৰত লুকুৱাই সৰবৰাহ কৰা য়াবা টেবলেট খিনি উদ্ধাৰ কৰা হয় ৷ এই সন্দৰ্ভত এএছ ০১ ডিডি ৪৩২২ নম্বৰৰ ট্ৰাক খনৰ চালকৰ লগতে থকা আনজন লোকক আটক কৰি সোধাপোচা কৰাৰ পাছত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য মতে আটক কৰা দুয়োজন লোকৰ নাম ৰফিকুল ইচলাম ৷ তেওঁলোকৰ ঘৰ গোৱালপাৰাত ৷ মণিপুৰৰ পৰা গোৱালপাৰালৈ সৰবৰাহ কৰা হৈছিল টেবলেট ফিনি ৷ গুৱাহাটীৰ পৰা আন ব্যক্তিয়ে টেবলেটখনি সংগ্ৰহ কৰাৰ কথা আছিল ৷ জব্দ কৰা টেবলেট খিনিৰ মূল্য প্ৰায় চাৰি কোটি টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷ ইফালে সমগ্ৰ নেটৱৰ্কটো উন্মোচনৰ বাবে অধিক তদন্ত চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া