শালকোচাত চুৰি গৰু সহ এজন গৰুচোৰ কৰায়ত্ব
ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত গৰু চোৰৰ সন্ত্ৰাস। শালকোচা আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি একাংশ গৰু চোৰে চলাই গৈছে সন্ত্ৰাস। গৰু চুৰি কৰাক কেন্দ্ৰ কৰি নিশা গৌৰাং বজাৰত উত্তপ্ত পৰিস্থিতি। চাৰিচকী
শালকোচাত চুৰি গৰু সহ এজন গৰুচোৰ কৰায়ত্ব


ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত গৰু চোৰৰ সন্ত্ৰাস। শালকোচা আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি একাংশ গৰু চোৰে চলাই গৈছে সন্ত্ৰাস। গৰু চুৰি কৰাক কেন্দ্ৰ কৰি নিশা গৌৰাং বজাৰত উত্তপ্ত পৰিস্থিতি। চাৰিচকীয়া বাহনত কঢ়িয়াই লৈ আহিছিল চাৰিটাকৈ চোৰাং গো-ধন। গৰু কঢ়িয়াই আনোতে ৰাইজৰ ৰোষত পৰিল চাৰিটা কৈ গৰু চোৰ।

ৰাইজৰ মাজৰ পৰা তিনিজনকৈ গৰু চোৰ পলাই যায় যদিও এজন গৰু চোৰক আটক কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে।

উত্তপ্ত ৰাইজে গৰু চুৰি কৰি অনা বাহন খন ভাঙি চুৰমাৰ কৰে।

উল্লেখ্য যে শালকোচা আৰক্ষী চকীৰ বিভিন্ন এলেকাত গৰু চুৰি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। কিন্তু ইমান দিনে শালকোচা আৰক্ষীৰ নাকৰ তলেৰে গৰু চোৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে অঞ্চলটোত। অৱশেষত আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰিব লগা হ'ল ৰাইজে। বিভিন্ন অঞ্চলত গৰু চুৰি কাৰ্য বন্ধ কৰিবলৈ আৰক্ষীক অনুৰোধ ৰাইজৰ।

পিছলৈ ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ বাহন সহ চাৰিটাকৈ গো ধন আৰু ৰাইজে আটক কৰা গৰু চোৰটোক আৰক্ষী চকীলৈ লৈ আহে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande