
বছৰৰ দ্বিতীয় মাহৰ ২৭ তাৰিখটো ভাৰতীয় ইতিহাসত এক অতি মৰ্মান্তিক ঘটনা হিচাপে লিপিবদ্ধ কৰা হৈছে। ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰা ষ্টেচনত সাবৰমতী এক্সপ্ৰেছৰ এটা ডবাত অগ্নিসংযোগৰ ফলত ৫৯ জন লোকৰ কৰুণ মৃত্যু হয়। অযোধ্যাৰ পৰা আহমেদাবাদ অভিমুখী ৰে’লখনে বৃহৎ সংখ্যক হিন্দু তীৰ্থযাত্ৰী কঢ়িয়াই আনিছিল।
খবৰ অনুসৰি ৰে'লখন গোধৰা ষ্টেচনৰ পৰা ওলোৱাৰ কিছু সময়ৰ পাছতে কোনোবাই শিকলি টানি ৰখাই দিয়ে। ইয়াৰ পিছতে ৰে'লখনত শিলগুটি নিক্ষেপ কৰা হয় আৰু ডবা এছ-৬ত জুই লগাই দিয়া হয়। জুই ক্ষীপ্ৰতাৰে তীব্ৰতৰ হৈ পৰাত যাত্ৰীসকলে ওলোৱাৰ সুযোগ নাপালে আৰু ডবাটোৰ ভিতৰতে আবদ্ধ হৈ পৰে। এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছিল।
এই ঘটনাৰ পিছত গুজৰাটৰ বহু ঠাইত সাম্প্ৰদায়িক হিংসাৰ সূত্ৰপাত ঘটে, যাৰ ফলত ব্যাপক জনহানি আৰু সম্পত্তিৰ ক্ষতি হয়। ৰাজ্যৰ বিভিন্ন চহৰ বিশেষকৈ আহমেদাবাদত পৰিস্থিতি অত্যন্ত উত্তেজিত হৈ পৰে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল যে তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দেশবাসীক শান্তি আৰু সংযম বজাই ৰাখিবলৈ আহ্বান জনাব লগা হ’ল।
গোধৰা কাণ্ড আৰু তাৰ পাছৰ হিংসাই ভাৰতীয় ৰাজনীতি আৰু সমাজত গভীৰ প্ৰভাৱ পেলাইছিল। আজিও এই ঘটনাক দেশৰ ইতিহাসৰ অন্যতম স্পৰ্শকাতৰ আৰু বিতৰ্কিত অধ্যায় হিচাপে গণ্য কৰা হয়।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৮৭৯ - ৰাছিয়াৰ ৰসায়নবিদ কনষ্টেন্টিন ফাহলবাৰ্গে ১৮৭৯ চনৰ আজিৰ দিনটোতে কৃত্ৰিম মিঠা দ্ৰব্য চেকাৰিন আৱিষ্কাৰ কৰে। কয়লা আলকাতৰাৰ ওপৰত গৱেষণা কৰি থাকোঁতে তেওঁ এটা মিঠা পদাৰ্থৰ সন্মুখীন হ’ল। এই পদাৰ্থটোক তেওঁ চেকাৰিন বুলি নাম দিছিল। ই আছিল প্ৰথম ব্যৱসায়িকভাৱে উপলব্ধ কৃত্ৰিম মিঠাই।
১৯৩২ - ব্ৰিটিছ পদাৰ্থবিজ্ঞানী জেমছ চেডউইকে নিউট্ৰন আৱিষ্কাৰ কৰে। পৰমাণুৰ প্ৰ’টন আৰু নিউট্ৰন একত্ৰিত হৈ নিউক্লিয়াছ গঠন কৰে। এই নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰন ঘূৰি থাকে। এই আৱিষ্কাৰৰ ফলত নিউক্লিয়াছ পৃথক কৰাটো সম্ভৱ হৈ উঠিল, যাৰ ফলত পাৰমাণৱিক বোমাৰ বিকাশৰ পথ মুকলি হ’ল।
২০০১ - গুজৰাটৰ গোধৰাত অযোধ্যাৰ পৰা উভতি অহা কৰসেৱক কঢ়িয়াই অনা ডবাত জুই লগাই দিয়াত ৫৯ জন হিন্দু কৰসেৱকৰ মৃত্যু হয়।
২০০১ - তালিবানে আফগানিস্তানৰ সকলো মূৰ্তি ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।
২০০৫ - মাৰিয়া শ্বাৰাপোভাই কাটাৰ অ’পেনত জয়লাভ কৰে।
২০০৭ - লানছানা কয়টে গায়ানাৰ নতুন প্ৰধানমন্ত্ৰী হয়।
২০০৮ - একেৰাহে সপ্তম বছৰৰ বাবে ২৫ গৰাকী মহিলাক বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে জি আৰ-৮ বঁটাৰে সন্মানিত কৰা হয়।
২০০৮ - পাকিস্তান চৰকাৰে আছিফ আলী জাৰ্দাৰীৰ বিৰুদ্ধে উত্থাপিত সকলো দুৰ্নীতিৰ অভিযোগ প্ৰত্যাহাৰ কৰে।
২০০৯ - প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে নিজৰ লোকসভাৰ আসন দলৰ জ্যেষ্ঠ নেতা লালজী তণ্ডনক অৰ্পণ কৰে।
২০১০ - ভাৰতে অষ্টম কমনৱেলথ শ্বুটিং চেম্পিয়নশ্বিপত প্ৰথম স্থান লাভ কৰি ৩৫টা সোণ, ২৫টা ৰূপ আৰু ১৪টা ব্ৰঞ্জকে ধৰি মুঠ ৭৪টা পদক লাভ কৰে। ইংলেণ্ডে ৪টা সোণকে ধৰি ৩১টা পদক লাভ কৰি দ্বিতীয় স্থান দখল কৰে আৰু ৱেলছে ৪টা সোণকে ধৰি ১৩টা পদকৰে তৃতীয় স্থান দখল কৰে। অষ্ট্ৰেলিয়াই ৩টা স্বৰ্ণকে ধৰি ১৯টা পদক লাভ কৰি চতুৰ্থ স্থান দখল কৰে।
২০১২ - ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব যদিও শক্তিৰ চাহিদা ৪.৫ শতাংশ হ্ৰাস পাব। এই হিচাপ কৰিছে বিশ্বব্যাপী শক্তি কোম্পানী বি পিয়ে।
জন্ম
১৮৮২ - আজিৰ দিনটোতে বিজয় সিং পথিক - ৰাজস্থানৰ এজন বিখ্যাত স্বাধীনতা সংগ্ৰামী।
১৯১২ - আজিৰ দিনটোতে বিষ্ণু বমন শিৰৱাদকাৰ কুসুমগ্ৰজ - এজন মাৰাঠী কবি, নাট্যকাৰ, ঔপন্যাসিক, আৰু চুটিগল্পকাৰ।
১৯২৫ - শ্যামা চৰণ শুক্লা - মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল।
১৯৩৪ - মনোজ দাস - এজন বিখ্যাত উড়িয়া সাহিত্যিক আছিল।
১৯৪৩ - বি এছ য়েডিউৰাপ্পা - ভাৰতীয় ৰাজনীতিবিদ আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী।
১৯৪৫ - সত্য দেৱ সিং - ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ আছিল।
১৯৫২ - প্ৰকাশ ঝা - বিখ্যাত ভাৰতীয় হিন্দী চলচ্চিত্ৰ নিৰ্মাতা।
১৯৫৪ - বীৰেন্দ্ৰ কুমাৰ খাটিক - ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৭ নং লোকসভাৰ সংসদ সদস্য।
মৃত্যু
১৯৩১ - চন্দ্ৰশেখৰ আজাদ - ভাৰতীয় বিপ্লৱী।
১৯৫৬ - আজিৰ দিনটোতে গণেশ বসুদেৱ মাভলংকাৰ - বিখ্যাত স্বাধীনতা সংগ্ৰামী আৰু লোকসভাৰ প্ৰথম অধ্যক্ষ।
১৯৭৬ - কে চি ৰেড্ডী - কৰ্ণাটকৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।
১৯৯৭ - ইন্দিৱৰ - হিন্দী চলচ্চিত্ৰৰ বিখ্যাত গীতিকাৰ।
২০১০ - নানাজী দেশমুখ - ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শক্তিশালী স্তম্ভ আৰু প্ৰখ্যাত সমাজকৰ্মী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া