
দক্ষিণ শালমাৰা মানিকাচৰ ২৬ ফেব্ৰুৱাৰী (হি.স.)। গোপন সুত্ৰে লাভ কৰা তথ্য় অনুসৰি দক্ষিণ শালমাৰাত শিশু শ্ৰমিকৰ সন্ধানত চুপাৰী কাৰখানাত অভিযান । অভিযানত কালি বিয়লি ৮ গৰাকীকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰিব সক্ষম হয় আৰক্ষী।দক্ষিণ শালমাৰা মানকাচৰ জিলা শ্ৰম বিষয়াৰ উপস্থিতিত বিএছএফ ৰ ১৮৩ বেটেলিয়ন এএইছটিইউ আৰু জিলা শিশু সুৰক্ষা বিভাগ ৰ সহযোগত শিশু শ্ৰমিকৰ সন্ধানত আজিৰ অভিযান চলোৱা হয় ।
উক্ত শিশু শ্ৰমিক বিৰোধী অভিযানটো দক্ষিণ শালমাৰা মানকাচৰ থানা এলেকাৰ শিমলাকান্দিৰ এখন চুপাৰিৰ কাৰখানাত চলাই ৮ গৰাকীকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰে ৭জনী কিশোৰী শিশু শ্ৰমিক আৰু এজন কিশোৰ শিশু শ্ৰমিক। মন কৰিব লগীয়া যে শিশু শ্ৰমিক নিয়োগ কৰাৰ লগতে নিয়ম বহিৰ্ভূত ভাবে কাৰখানা চলোৱাৰ বাবে চুপাৰি কাৰখানাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে এটা গোচৰ ৰজু কৰা হয় বুলি জিলা শ্ৰম বিষয়াই জানিব দিয়ে ।
সম্প্ৰতি উদ্ধাৰ কৰা শিশু শ্ৰমিক সকলক জিলা শিশু সুৰক্ষা কেন্দ্ৰলৈ লৈ যোৱা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ