
বিশ্বনাথ, ২৬ ফেব্ৰুৱাৰী (হি.স.): বিশ্বনাথত আদৰ্শ বিদ্যালয় নিৰ্মানৰ নামত চৰম দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । উদ্বোধনৰ পূৰ্বেই বেৰত চিৰাল ফাট দিছে ।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ বাগিচা অঞ্চল সমূহৰ ছাত্ৰ ছাত্ৰী সকলক বিদ্যায়তনিক দিশত আগুৱাই নিবলৈ এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহন কৰিছে। বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবলৈ কোটি কোটি টকা ব্যয় কৰি নিৰ্মান কৰিছে আদৰ্শ বিদ্যালয়। কিন্তু চাহ বাগিচাত নিৰ্মান কৰা এই বিদ্যালয় নিৰ্মানে একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বাবে যেন ধন ঘটাৰ এক আহিলা হৈ পৰিছে। ইয়াৰ জলন্ত উদাহৰণ হৈছে বিশ্বনাথৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ দিৰিং চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়।
এই বিদ্যালয়খন নিৰ্মানৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। উদ্বোধনৰ পূৰ্বেই চিৰাল ফাঁট মেলিছে নৱ নিৰ্মিত বিদ্যালয়খনৰ দেৱাল সমূহত।কেৱল দেৱালতে চিৰাল ফাঁট নহয়,অতি নিম্ন মানদণ্ডৰ কাম কৰি ঠিকাদাৰে বিদ্যালয়খন নিৰ্মানৰ নামত নিজৰ পকেট গৰম কৰিছে। প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা আদৰ্শ বিদ্যালয়খনৰ ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। কিন্তু এই আদৰ্শ বিদ্যালয়খনৰ নিৰ্মানৰ নামত দুৰ্নীতি দেখিলে আপোনাৰ চকু কপালত উঠিব।নৱ নিৰ্মিত এই বিদ্যালয়ৰ প্ৰতিটো কোঠাতে আছে চিৰাল ফাট। যি কাৰ্যই ভৱিষ্যতে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। জনৈক কলিতা নামৰ ঠিকাদাৰে নিৰ্মান কৰা এই আদৰ্শ বিদ্যালয়ৰ নিৰ্মানৰ ক্ষেত্ৰত দুৰ্নীতিৰ এক আদৰ্শ হৈ পৰিছে বুলি ভাবিবলৈ বাধ্য হ’ব।
অতি নিম্ন মানদণ্ডৰ কাম কৰা জনৈক কলিতা নামৰ ঠিকাদাৰৰ এই দুৰ্নীতি চকুৰে দেখিও আশ্বৰ্য্যজনক ভাবে বিভাগীয় কৰ্তৃপক্ষ চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হোৱাত তীব্ৰ অসন্তুষ্টী প্ৰকাশ কৰিছে আটছাই। বিদ্যালয়খনৰ এনে নিৰ্মানে ভবিষ্যতৰ দিনত ছাত্ৰ ছাত্ৰী সকলৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি দাবী কৰিছে আটছাৰ নেতৃত্বই।যাৰ বাবে উক্ত বিদ্যালয়ৰ নিৰ্মানৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ জৈনক কলিতাৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে এই নিৰ্মানৰ কাম পুনৰ বিবেচনা কৰাৰ বাবে দাবী জনাইছে আৰু ঠিকাদৰক বিদ্যালয় নিৰ্মানৰ ধন মোকলাই নিদিবলৈও দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ