নৱ প্ৰজন্মৰ হাতত ধৰি আধুনিক অসম গঢ়াৰ সপোন মুখ্যমন্ত্ৰীৰ
অহা ৫ বছৰত ২ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্রুতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী(হি.স.)। প্ৰায় ৩৭ কোটি যুৱক-যুৱতীৰে বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ যুৱ শক্তিৰ আটাইতকৈ সম্ভবনাপূর্ণ দেশ হিচাপে বিবেচিত হৈছে। ২০২৬ চনৰ তথ্য অনুসৰি অসমো
নৱ প্ৰজন্মৰ হাতত ধৰি আধুনিক অসম গঢ়াৰ সপোন মুখ্যমন্ত্ৰীৰ


অহা ৫ বছৰত ২ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্রুতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী(হি.স.)। প্ৰায় ৩৭ কোটি যুৱক-যুৱতীৰে বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ যুৱ শক্তিৰ আটাইতকৈ সম্ভবনাপূর্ণ দেশ হিচাপে বিবেচিত হৈছে। ২০২৬ চনৰ তথ্য অনুসৰি অসমো ২.৫ কোটি ভোটাৰৰ ভিতৰত ৫২ লাখ ভোটাৰেই ৩৫ বছৰৰ অনুৰ্দ্ধৰ যুৱক-যুৱতীৰে সমৃদ্ধ এখন ৰাজ্য। আধুনিক যুগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ যুৱক-যুৱতী সকলক লৈ ইতিমধ্যে মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই কেইবাটাও অভিলাষী আঁচনি গ্ৰহণ কৰিছে।

ক'ভিডৰ সময়ত সমগ্র বিশ্বই মহামাৰীৰ সৈতে যুঁজি থকাৰ সময়ত অসমৰ শিক্ষার্থী সকলে বিশ্বৰ ভিতৰতে আটাইতকৈ কম মূল্যৰ ভেন্টিলেটৰ সাঁজি চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ব্যয়বহুল এমআৰআই মেছিনৰ মূল্য সংকোচনেৰে ১.৫ কোটি টকাৰ ভিতৰত বিশ্বৰ আটাইতকৈ কম মূল্যৰ এমআৰআই মেছিন নিৰ্মাণৰ কাম ইতিমধ্যে অসমৰ ছাত্ৰ-ছাত্রীসকলে হাতত লৈছে। ভাৰতবৰ্ষৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে অসমৰ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী সকলে মহাকাশত প্ৰেৰণৰ বাবে কৃত্রিম উপ-গ্রহ সাঁজি উলিয়াই সমগ্র বিশ্বকে আশ্বর্যচকিত কৰিছে।

তেনে এক সম্ভবনাপূর্ণ পৰিৱেশত অসমৰ পৰা যুৱক-যুৱতীসকলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বিশ্বজয়ৰ সপোন দেখিছে। আজি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ গৱেষক ছাত্র-ছাত্রীসকলৰ গবেষণাক অধিক মাত্রা প্রদান কৰাৰ লগতে শৈক্ষিক উৎকর্ষ আৰু অধ্যয়ণত অনুপ্ৰেৰণা যোগাবলৈ ৰাজ্যৰ ২১১২ গৰাকীলৈ ২৫ হাজাৰ আৰু দিব্যাংগ গৱেষকৰ বাবে ৪০ হাজাৰ টকাকৈ 'মুখ্যমন্ত্রীৰ জীৱন অনুপ্ৰেৰণা আঁচনি'ৰ শুভাৰম্ভ কৰিছে।

তদুপৰি ৰাজ্যৰ ৪৮,৩১৯ স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ শিক্ষার্থী সকলৰ সংস্থাপনৰ দিশত এবছৰৰ বাবে মাহে ২৫০০ টকাকৈ প্ৰদান কৰাৰ বলিষ্ঠ পদক্ষেপেৰে 'মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি'ৰো শুভাৰম্ভ কৰে। উক্ত ধনৰাশি ছাত্র-ছাত্রীসকলে বিভিন্ন ধৰণৰ চাকৰিৰ প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। আনহাতে ৰাজ্যৰ ৪৭,৩৯৫ গৰাকী স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ সকলক উদগনি যোগোৱাৰ বাবে নিযুত বাবু আঁচনিৰো শুভাৰম্ভ কৰে।

আগন্তুক ৩ বছৰত এই সংখ্যা ১০ লাখলৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি মুখ্যমন্ত্রী গৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ ২৬ খন আই টি আইত ৫০৫৭.৭৩ কোটি টকা ব্যয়বে ৩৫ টা ঔদ্যোগিক ইউনিট অনুমোদন জনাই অসমৰ উদ্যোগ খণ্ড শক্তিশালী কৰাৰ লগতে নিয়োগৰ সুযোগ সৃষ্টিৰে মুখ্যমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ বাবেও এলানী অভিলাষী প্রকল্প মুকলি কৰে। ইতিমধ্যে চিএমএএএ ২.০ জৰিয়তে ১,৪৮২ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ ৭৪,০৩৪ গৰাকী নতুন উদ্যোগী সৃষ্টিৰ লক্ষ্যৰে সাধাৰণ শাখাৰ বাবে ২ লাখ টকা আৰু বৃত্তিগত শাখাৰ বাবে ৫ লাখ টকাকৈ নিৰ্ধাৰণ কৰা পুঁজিৰ ৫০ শতাংশ অনুদান আৰু ৫০ শতাংশ সুতবিহীন ঋণ প্রদান কৰা হৈছে।

পিএমইজিপি, পিএমএফএমই, প্রধানমন্ত্রী মুদ্রা যোজনা আদি আঁচনিৰ অধিনত অসমৰ ২ হাজাৰতকৈ অধিক যুৱক-যুৱতী বেংকৰ পৰা বন্ধকীবিহীন ঋণ পাবলৈ সক্ষম হৈছে। অসম স্টার্টআপ-দ্য নেষ্ট (The Nest) ৰ জৰিয়তে নতুন স্টার্টআপৰ বাবে মেণ্টৰশ্বিপ, পুঁজি আৰু কাৰ্যালয়ৰ সুবিধা প্রদানেৰে ৰাজ্য চৰকাৰে ১৮ হাজাৰতকৈ অধিক যুৱক-যুৱতী নিজৰ উদ্যোগ স্থাপনৰ সপোন পুৰাবলৈ সক্ষম হৈছে। ইতিমধ্যে ২৭ হাজাৰ যুৱক-যুৱতীৰ কৰ্মসংস্থাপন বাট মুকলিৰে জাগীৰোডত দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কামো চলি আছে।

ইতিমধ্যে ৰাজ্যৰ কন্যা শিশুৰ বাবে আগবঢ়োৱা নিযুত মইনা আঁচনিৰ বাবে শিক্ষানুষ্ঠান সমূহত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা পূৰ্বৰ তুলনাত ৩০ শতাংশ বৃদ্ধি পাইছে। তাৰোপৰি আধাতে স্কুল সামৰা শিক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত ১৪ শতাংশ হ্রাস হৈছে। মুখ্যমন্ত্রীয়ে আগবঢ়োৱা উদ্যমিতা অভিযান, অৰুণোদয় আঁচনিৰ ফলত ৰাজ্যৰ মহিলাৰ কৰ্মসংস্থাপন ২০১৬ চনৰ ১৬ শতাংশৰ পৰা বৃদ্ধি হৈ ৰাষ্ট্ৰীয় হাৰ ২৯ শতাংশ অতিক্রম কৰি ২০২৬ চনত ৪৮ শতাংশ পাইছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১ চনৰ নির্বাচনী প্রতিশ্রুতি অনুসৰি ১ লাখ চৰকাৰী নিযুক্তিৰ সীমা অতিক্রম কৰি সম্পূৰ্ণ স্বচ্ছ আৰু মেধাৰ ভিত্তিত ১ লাখ ৬০ হাজাৰ চাকৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে মুখ্যমন্ত্রী গৰাকীয়ে আগন্তুক ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে নির্বাচন জয়ী হোৱাৰ প্ৰথম ৩ বছৰৰ ভিতৰত ৬০ হাজাৰ শিক্ষকৰ পদ পূৰণৰ কথাও মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰিছে। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিবৃতি যোগে দলৰ মুখপাত্র প্রাঞ্জল কলিতাই কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ যুৱক-যুবতীসকলৰ একমাত্র আশা-ভৰষাৰ থল হিচাপে পৰিগণিত হৈছে।

চাকৰিৰ বজাৰ মুকলি কৰি অসমৰ মেধা যুৱক-যুৱতীসকলৰ ভবিষ্যত অন্ধকাৰৰ মুখে ঠেলি দিয়া কংগ্ৰেছ দলক আকৌ এবাৰ এশিকনি দিবলৈ ইতিমধ্যে ৰাজ্যৰ যুৱক-যুৱতীসকল সাজু হৈছে। নেপাল আৰু বাংলাদেশ সদৃশ অপ্রীতিকৰ পৰিবেশ সৃষ্টিৰ বাবে যুৱ প্রজন্মক উৎসাহিত কৰা বিৰোধীৰ অভিসন্ধি বিফল কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ যুৱক-যুৱতীসকলৰ হাতত ধৰি গঠণমূলক পদক্ষেপেৰে এখন আত্মনিৰ্ভৰ অসমৰ বাবে পৃষ্ঠভূমি নিৰ্মাণৰ কামত ব্ৰতী হৈছে বুলি মুখপাত্ৰ গৰাকীয়ে মত ব্যক্ত কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande