
গোলাঘাট ২৬ ফেব্ৰুৱাৰী (হি.স.): অহা তিনি মাৰ্চত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিক ভাৱে মুকলি কৰিব কাজিৰঙাত নৱ নিৰ্মিত চৰকাৰী অৰ্কিড উদ্যান ৷ এই কথা প্ৰকাশ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই ৷ উক্ত অনুষ্ঠানত ভাৰত-বিদেশৰ পৰাও পৰ্যটকসকল উপস্থিত থাকিব। প্ৰায় ₹১৭ কোটিৰো অধিক ব্যয়ৰে নিৰ্মিত এই অৰ্কিড বাগিচাখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰে উন্নত কৰা হৈছে।
উদ্যানখনত অসমৰ চহকী জৈৱ বৈচিত্ৰ্য, বিশেষকৈ অৰ্কিড প্ৰজাতিৰ প্ৰদৰ্শনৰ লক্ষ্য লোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । মুকলিৰ পাছতে এখন বিশ্বমানৰ অৰ্কিড উদ্যান হিচাবে খ্যাতি লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত অৰ্কিড উদ্যানখনে ইতিবাচক প্ৰভাৱ পেলাব ৷ যিহেতু ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ভূটানৰ ৰজাকে ধৰি বহু গৰাকী বিশিষ্ট লোক কাজিৰঙালৈ অহাৰ পাছত কাজিৰঙাত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা ৷ তদুপৰি হায়াত আৰু তাজৰ দুখন হোটেলো নিৰ্মান হ’ব কাজিৰঙাত, গতিকে স্বাভাৱিকতে কাজিৰঙাত পৰ্যটকৰ সংখ্যা আৰু বৃদ্ধি পাব ৷ গতিকে পৰ্যটকৰ বাবে হাতী ছাফাৰী বা জীপ ছাফাৰীৰ ওপৰি মনোৰঞ্জনৰ থলি হৈ পৰিব অৰ্কিড উদ্যান খন ৷
কৃষি বিভাগৰ উদ্যোগত নিৰ্মান কৰা অৰ্কিড উদ্যানখনৰ নিৰ্মাণ ব্যয় সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে প্ৰাৰম্ভিক ১৭ কোটি টকাৰ আঁচনি লোৱা হৈছিল যদিও অন্যান্য সংযোজনৰ বাবে ইয়াৰ পৰিমাণ বৃদ্ধি হয়৷ ইফালে সাংবাদিকৰে বাৰ্তালাপত কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত কৃষিমন্ত্ৰী তথা গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে যি দলে নিজৰ ঐক্য ধৰি ৰাখিব নোৱাৰে সেই দলে বিৰোধী ঐক্যতা কেনেকৈ ৰাখিব ৷ ভুপেন বৰা কংগ্ৰেছৰ পৰা আঁতৰি অহাটোৱেই এই কথাৰ প্ৰমান বুলি মন্তব্য কৰে অতুল বৰাই ৷ লগতে মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে বিৰোধীৰ মিত্ৰতাৰ একো কাম নাই ৷ কাৰণ যোৱা পাঁচটা বছৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে কৰা উন্নয়ন ৰাইজে প্ৰত্যক্ষ কৰিছে ৷ বিপৰীতে কংগ্ৰেছৰ শাসন কালত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাদে একো নাছিল ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ