ছত্তীশগড়ঃ বিজাপুৰ এনকাউণ্টাৰত নিহত দুজন নক্সালবাদী, অব্যাহত আছে তালাচী অভিযান
ৰায়পুৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ছত্তীশগড় জিলাৰ বিজাপুৰত বৃহস্পতিবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষত নিহত হয় দুজন নক্সালবাদী। বিজাপুৰ জিলা আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱে এই কথা নিশ্চিত কৰিছে। এনকাউণ্টাৰ ছাইটৰ পৰা নক্সালবাদী দ
ছত্তীশগড়ত অব্যাহত নক্সালসকলৰ বিৰুদ্ধে অনুসন্ধান অভিযান। ফাইল ফটো


ৰায়পুৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ছত্তীশগড় জিলাৰ বিজাপুৰত বৃহস্পতিবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষত নিহত হয় দুজন নক্সালবাদী। বিজাপুৰ জিলা আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱে এই কথা নিশ্চিত কৰিছে। এনকাউণ্টাৰ ছাইটৰ পৰা নক্সালবাদী দুজনৰ মৃতদেহসহ এছএলআৰ আৰু ইনছাছ অস্ত্ৰ উদ্ধাৰ কৰা হয়।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, বিজাপুৰ জিলাৰ জাংলা থানা এলেকাৰ ইন্দ্ৰাৱতী নদীৰ পাৰৰ বনাঞ্চলত মাওবাদীৰ উপস্থিতিৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত যৌথ নিৰাপত্তা বাহিনীৰ এটা দলে তালাচী আৰু মাওবাদী বিৰোধী অভিযানৰ বাবে ৰাওনা হয়। আজি পুৱা নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ। এই এনকাউণ্টাৰৰ পিছতে অঞ্চলটোত তালাচী অভিযান চলাই দুজন ইউনিফৰ্ম পৰিহিত মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা এটা এছ এল আৰ ৰাইফল, এটা ইনছাছ ৰাইফল, এটা ১২ ব’ৰ ৰাইফল, বিস্ফোৰক সামগ্ৰী, আৰু মাওবাদীয়ে দৈনিক ব্যৱহাৰ কৰা অন্যান্য সামগ্ৰী জব্দ কৰে।

বাষ্টাৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পট্টালিংগমে উল্লেখ কৰে যে অঞ্চলটোত এতিয়াও এক নিবিড় তালাচী অভিযান অব্যাহত আছে। তেওঁ লগতে কয় যে এই এনকাউণ্টাৰৰ সময়ত কেইবাজনো মাওবাদীয়ে ঘন বনাঞ্চলৰ সুযোগ লৈ বৰ্তমান সন্ধান অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande