
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ইণ্টাৰপ’লৰ জৰিয়তে সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা অহা অভিযুক্ত অভিযুক্ত অনিল কুমাৰ ৰেড্ডী য়েদ্দুলাক চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনে সফলতাৰে প্ৰত্যাৰ্পণ কৰে। বৃহস্পতিবাৰে অভিযুক্তক ডুবাইৰ পৰা হায়দৰাবাদলৈ আনি বিমানবন্দৰত অন্ধ্ৰ প্ৰদেশ আৰক্ষীক গতাই দিয়ে।
চিবিআইৰ তথ্য অনুসৰি অনিল কুমাৰ ৰেড্ডী য়েদ্দুলা অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ বাঞ্ছিত অভিযুক্ত। তেওঁ প্ৰৱঞ্চনা, অপৰাধমূলক আস্থা ভংগ, অপৰাধমূলক ভয় দেখুওৱা কেইবাটাও গোচৰৰ সন্মুখীন হৈছে। ডুবাই আৰক্ষীৰ এটা দলে তেওঁক ভাৰতলৈ লৈ আহিছিল। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক ৰাজ্যৰ আৰক্ষীক গতাই দিয়ে।
চিবিআইৰ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা ইউনিটে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আবুধাবিৰ ইন্টাৰপল ইউনিটৰ সহযোগত এই প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। এই গোচৰত অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ অনুৰোধত সংস্থাটোৱে ২০২২ চনৰ ৫ ছেপ্টেম্বৰত ইণ্টাৰপ’লৰ সৈতে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছিল।
উল্লেখযোগ্য যে বিগত কেইবছৰমানৰ ভিতৰত ইন্টাৰপলৰ সমন্বয়ত ১৩০ জনতকৈ অধিক ৱাণ্টেড অপৰাধীক ভাৰতলৈ ঘূৰাই অনা হৈছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া