
কোকৰাঝাৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ অভিযানত এটা দুটা নহয় ১০ টা চোৰাং গৰু জব্দ কৰা হৈছে । বগৰীবাৰীৰ জঙ্গিৰ কিল্লা ছাতাগুৰী অঞ্চলৰ গভীৰ অৰণ্যৰ পৰা জব্দ কৰা হৈছিল এই পশুধনসমূহ।
শেহতীয়াকৈ বিটিচিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অবৈধ চোৰাং গৰুৰ ৰমৰমীয়া বেহা চলি থকাৰ সততে অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে যোৱা নিশা বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌশিক দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জঙ্গিৰ কিল্লা ছাতাগুৰী অঞ্চলৰ গভীৰ অৰণ্যৰ পৰা এটা দুটা নহয় একেলগে ১০ টা কৈ চোৰাং গৰু আটক কৰিবলৈ সক্ষম হয় । বৰ্তমান বগৰীবাৰী আৰক্ষীয়ে ১০ টাকৈ অবৈধ চোৰাং গৰু জব্দ কৰি থানালৈ আনি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ