ভাৰত ভ্ৰমণৰ বাবে মুম্বাইত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী কাৰ্নি, দিল্লীত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ২৬ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপান ভ্ৰমণ কৰিব । ভাৰত ভ্ৰমণত তেওঁ প্ৰথমে মুম্বাইত উপস্থিত হ’ব। ভাৰত ভ্ৰমণত প্ৰথমে মুম্বাইত উপস্থিত হ’ব কানাডাৰ প্ৰধানম
कनाडा के प्रधानमंत्री का भारत दौरा (फाइल फोटो)


নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ২৬ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপান ভ্ৰমণ কৰিব । ভাৰত ভ্ৰমণত তেওঁ প্ৰথমে মুম্বাইত উপস্থিত হ’ব।

ভাৰত ভ্ৰমণত প্ৰথমে মুম্বাইত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি। কাৰ্নিৰ অট’ৱা কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে তেওঁ ২ মাৰ্চত দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰি বাণিজ্য, শক্তি, প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই), প্ৰতিভা আৰু সংস্কৃতি, আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নতুন অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰিব। এই ভ্ৰমণে কানাডা আৰু ভাৰতৰ মাজত বাণিজ্য, প্ৰযুক্তি, শক্তি, আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নতুন অংশীদাৰিত্বৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।

কাৰ্নিয়ে ভাৰত ভ্ৰমণ আৰম্ভ কৰাৰ ঠিক আগতে কানাডাই উল্লেখ কৰিছিল যে কানাডাত হিংসাত্মক অপৰাধত ভাৰতৰ আৰু কোনো ভূমিকা নাই। টৰন্টো ষ্টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বুধবাৰে কানাডাৰ এজন জ্যেষ্ঠ বিষয়াই এক প্ৰেছ ব্রিফিঙৰ সময়ত এই বক্তব্য আগবঢ়ায়। চৰকাৰী জ্যেষ্ঠ বিষয়াসকলে কয় যে অট’ৱা আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্কই অতি শক্তিশালী কূটনৈতিক সংযোগ বজাই ৰাখিছে, আৰু তেওঁলোকে নিশ্চিত যে এনে কাৰ্যকলাপ আৰু চলি থকা নাই।

মন কৰিবলগীয়া যে ২০২৩ চনত ভাৰত-কানাডাৰ সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছিল যেতিয়া ২০২৩ চনৰ জুন মাহত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ এজেণ্ট জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল তেতিয়াৰ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে, যিটো দাবী ভাৰতে তীব্ৰভাৱে নাকচ কৰিছিল আৰু অৰ্থহীন বুলি উলাই কৰিছিল। এই টেঙাতা ইমানেই বৃদ্ধি পালে যে দুয়োখন দেশে বাণিজ্য চুক্তিৰ আলোচনা বন্ধ কৰি দিলে, কূটনৈতিক সম্পৰ্ক তললৈ নমাই দিলে আৰু ইজনে সিজনৰ কেইবাজনো কূটনীতিবিদক বহিষ্কাৰ কৰিলে।

২০২৩ চনৰ অক্টোবৰ মাহত ভাৰতে অট’ৱাত থকা ৰাষ্ট্ৰদূত সঞ্জয় ভাৰ্মা আৰু আন পাঁচজন বিষয়াক পুনৰ আহ্বান কৰে, কাৰণ কানাডাৰ বিষয়াসকলে নিজ্জাৰৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তেওঁলোকক জেৰা কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে তেতিয়াৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত ষ্টুৱেৰ্ট হুইলাৰকে ধৰি ছয়জন কানাডাৰ কূটনীতিবিদক বহিষ্কাৰ কৰে।

কানাডাত জাষ্টিন ট্ৰুডোৰ ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ পিছত ভাৰতে নতুন চৰকাৰৰ সৈতে সম্পৰ্ক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে। ২০২৫ চনৰ জুন মাহত কানাডাৰ আলবাৰ্টাত অনুষ্ঠিত জি-৭ নেতা সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কানাডাৰ সমকক্ষ মাৰ্ক কাৰ্নীৰ সৈতে সাক্ষাৎ কৰি দুয়োখন দেশৰ সম্পৰ্ক পুনৰ সজীৱ কৰি তুলিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande