বোকাখাতত অসম পৰিবহন নিগমৰ ব্যতিক্ৰমী বাছ
গোলাঘাট, ২৬ফেব্ৰুৱাৰী (হি.স.)। বোকাখাতত অসম পৰিবহন নিগমৰ এখন ব্যতিক্ৰমী বাছ। এইখন বাছেৰে কোনো যাত্ৰী দুৰণিলৈ যাত্ৰা কৰিব নোৱাৰিব, কিন্তু আসনত বহি বোকাখাতৰ বিখ্যাত কলপাতত দিয়া পুৰি আৰু পেৰাৰ সোৱাদ ল''বহে পাৰিব। অসম পৰিবহন নিগমৰ পৰিত্যক্ত হৈ থকা ৰাই
বোকাখাতত অসম পৰিবহন নিগমৰ ব্যতিক্ৰমী বাছ


গোলাঘাট, ২৬ফেব্ৰুৱাৰী (হি.স.)। বোকাখাতত অসম পৰিবহন নিগমৰ এখন ব্যতিক্ৰমী বাছ। এইখন বাছেৰে কোনো যাত্ৰী দুৰণিলৈ যাত্ৰা কৰিব নোৱাৰিব, কিন্তু আসনত বহি বোকাখাতৰ বিখ্যাত কলপাতত দিয়া পুৰি আৰু পেৰাৰ সোৱাদ ল'বহে পাৰিব। অসম পৰিবহন নিগমৰ পৰিত্যক্ত হৈ থকা ৰাইন' বাছ সমূহ বৰ্তমান ৰেষ্টুৰেণ্টলৈ হৈছে পৰিবৰ্তন। যোৰহাট সংমণ্ডলৰ অধীনৰ বোকাখাত ষ্টেছনত আজি ৰাইন' ফুড এক্সপ্ৰেছ নামৰ এখন ৰেষ্টোৰাৰ শুভাৰম্ভ ।

অসমৰ ভিতৰত পঞ্চম খন ৰেষ্টোৰা শুভাৰম্ভ বোকাখাতত। সুন্দৰ আলোক সজ্জাৰে সজাই তোলা হৈছে বাছৰ ভিতৰ চৰা। শীত-তাপ নিয়ন্ত্ৰিত বাছৰ ভিতৰত বহি এতিয়া বোকাখাতত সোৱাদ ল'ব পাৰিব পুৰি-পেৰা-চাহৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande