
গোলাঘাট, ২৬ ফেব্ৰুৱাৰী (হি.স.)। লাভ জেহাদৰ পৰা কথমপি ৰক্ষা এগৰাকী হিন্দু ছাত্ৰী৷ জয় শ্ৰীৰাম ধ্বনিৰে উত্তাৱল হ'ল বোকাখাত আৰক্ষী থানা ৷ বিগত ২৩ ফেব্ৰুৱাৰীত বোকাখাতৰ এগৰাকী মহাবিদ্য়ালয়ৰ ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাই বোকাখাতত চাঞ্চল্যৰ সৃষ্টি কৰিছিল । বোকাখাত ৩ নং দ-গাঁৱৰ নিবাসী চাহাবুদ্দিন আহমেদৰ পুত্ৰ আছিক আলিয়ে মহাবিদ্য়ালয়ৰ ছাত্ৰী গৰাকীক গাড়ীত বলপূৰ্বক উঠাই অপহৰণ কৰাৰ অভিযোগ আনি পৰিয়ালৰ লোকে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।
বোকাখাত আৰক্ষীয়ে অনুসন্ধান কৰি বুধবাৰে কোনো অজ্ঞাত স্থানৰ পৰা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি আদালতত হাজিৰ কৰোৱাই ছাত্ৰী গৰাকীৰ ভাষ্য গ্ৰহণ কৰি পৰিয়ালৰ সৈতে নিজা ঘৰলৈ যাবলৈ দিয়ে ৷ কিন্তু পলাতক আছিকৰ পৰিয়ালে ছাত্ৰী গৰাকীক নিজৰ ঘৰলৈ নিবৰ বাবে জোৰ কৰাত বোকাখাত আৰক্ষী থানাত এক উতপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷ অৱশেষত ছাত্ৰী গৰাকী নিজৰ ঘৰলৈ যাবলৈ মান্তি হোৱাত জয় শ্ৰীৰাম ধ্বনিৰে উত্তাৱল কৰে বোকাখাত আৰক্ষী থানাৰ চৌহদ ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ