
নগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সম্প্ৰতি দৌল উৎসৱ উপলক্ষে ফাকুৱাৰ গীতেৰে মুখৰিত হৈ পৰিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ বতাহ। বটদ্ৰৱাত পোন প্ৰথমবাৰৰ বাবে গুৰুজনাৰ বিৰচিত গীতৰ আখৰাত ব্যস্ত হৈ পৰিছে আই মাতৃ সকল। বটদ্ৰৱাৰ দৌল মহোৎসৱলৈ মাজত মাত্র তিনি দিন বাকী থকাৰ প্ৰাক মুহূৰ্তত ফাকুৱাৰ গীতৰ আখৰাত ব্যস্ত আই মাতৃ সকল।
উল্লেখ্য় যে ২ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে বটদ্ৰৱা থানত অনুষ্ঠিত হ’বলগীয়া দৌল যাত্ৰা মহোৎসৱৰ বাবে বটদ্ৰৱা থান চৌহদত ব্যাপক প্ৰস্তুতি চলিছে । আধ্যাত্মিক তথা ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া দৌলযাত্ৰা মহোৎসৱৰ বাবে বটদ্ৰৱা থানত বিৰাজ কৰিছে উদুলি-মুদুলি পৰিবেশ ।
উল্লেখ্য যে, জগত গুৰু শ্রীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল বটদ্ৰৱাত । সেই ঐতিহ্যক সৰোগত কৰি আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্ণিমা তিথিত পালন কৰা হয়। দৌল উৎসৱৰ প্ৰাকমুহূৰ্তত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত আনন্দমুুখৰ পৰিৱেশ সৃষ্টি হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা