
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। দিল্লী বাৰৰ কাউন্সিল (বিচিডি)ৰ বাবে দিয়া ভোটৰ গণনা এতিয়া ৭ মার্চৰ পৰা হ'ব । পূৰ্বে ভোট গণনা কাইলৈ শুক্ৰবাৰে আৰম্ভ হ'বলগীয়া আছিল। নিৰ্বাচন বিষয়ক বিষয়া, অৱসৰ গ্ৰহণ কৰা জাষ্টিচ তলৱন্ত সিংহে আজি এই সম্পৰ্কে এখন বিজ্ঞপ্তি জাৰি কৰিছে।
অধিসূচনাত উল্লেখ কৰা হৈছে যে ২২১ জন প্ৰাৰ্থীৰ বাবে বেলট পেপাৰৰ আকাৰ অতি বৃহৎ। ইয়াৰ ফলত পূৰ্বতে আবণ্টিত স্থানত গণনা কৰাটো কঠিন হৈ পৰিব। প্ৰথম অৱস্থাত উচ্চ ন্যায়ালয়ৰ এক্সটেনচন ব্লকত গণনাৰ স্থান স্থাপন কৰা হৈছিল। অধিসূচনা অনুসৰি ৰিটাৰ্নিং অফিচাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ক গণনাৰ বাবে বৃহৎ স্থান প্ৰদান কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ পাছতে মুখ্য ন্যায়াধীশে দিল্লী উচ্চ ন্যায়ালয়ৰ এছ ব্লক লাউঞ্জৰ ব্যৱহাৰত অনুমোদন জনায়। এতিয়া এছ ব্লকৰ সপ্তম মহলাত গণনা কৰা হ’ব, আৰু প্ৰাৰ্থী বা তেওঁলোকৰ গণনা এজেণ্টে ষষ্ঠ মহলাৰ পৰ্দাত গণনাৰ কাৰ্য্যবিধি চাব পাৰিব।
যোৱা ২৩ ফেব্ৰুৱাৰীত সামৰণি পৰে তিনিদিনীয়া বিচিডি নিৰ্বাচন। এই নিৰ্বাচনত ৫৭ হাজাৰৰো অধিক অধিবক্তাই ভোটদান কৰে। ভোটদানৰ সময়ত ৰিটাৰ্নিং অফিচাৰে আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ বাবে ৭৯ গৰাকী প্ৰাৰ্থীক নিলম্বন কৰে। এই ৭৯ জন প্ৰাৰ্থীয়ে পিছত আবেদন দাখিল কৰে, যিবোৰ স্বীকাৰ কৰা হয় আৰু তেওঁলোকৰ নিলম্বন বাতিল কৰা হয়।
এই নিৰ্বাচনত ২৫ জনীয়া বিচিডিৰ ২৩ জন সদস্য নিৰ্বাচিত হ’ব। ইয়াৰ বাবে মুঠ ২২১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত মহিলা প্ৰাৰ্থীক ৩০ শতাংশ সংৰক্ষণৰ অনুমতি দিয়া হৈছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া