
গোলাঘাট, ২৬ ফেব্ৰুৱাৰী (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ বৰচাপৰিত এক অঘটন সংঘটিত হৈছে । আজি পূৱাৰ ভাগত টেংকি নিৰ্মাণ কাৰখানাত এজন যুৱকক চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকেৰ। বৰ্তমান লৈকে যুৱকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ।
জানিব পৰা মতে এখন মেৰামতি চলি থকা টেংকি গাড়ীৰ হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল মেৰাপানীৰ এই যুৱকজন। ঘটনাৰ সমগ্ৰ দৃশ্য চিচি কেমেৰাত আৱদ্ধ হৈ পৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ