
ডিব্ৰুগড়, ২৬ ফেব্ৰুৱাৰী (হি.স.): ডিব্ৰুগড় চহৰৰ দক্ষিণ খলিহামাৰী গিৰ্জাৰ সমীপৰ নিৱাসী মিঠাৰাম বড়া নামৰ লোকজনৰ একমাত্ৰ পুত্ৰ খঞ্জন বড়া (৩২) বিগত ৩১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, উক্ত দিনা সন্ধিয়া প্ৰায় ৬ বজাত খঞ্জনে নালীয়াপুলৰ দিশে ফুৰিবলৈ ওলাই গৈছিল যদিও তাৰ পিছৰ পৰাই তেওঁ ঘৰলৈ উভতি অহা নাই। ১ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে এই সন্দৰ্ভত স্থানীয় গাভৰুপথাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ এজাহাৰ দাখিলৰ পিছতো আজি পৰ্যন্ত আৰক্ষীয়ে যুৱকজনৰ কোনো শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ লোকে জনোৱা মতে, খঞ্জন বড়া মানসিকভাৱে কিছু পৰিমাণে অসুস্থ আছিল।
আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল যে সন্ধানহীন হোৱাৰ সময়ত যুৱকজনৰ হাতত কোনো ম'বাইল ফোন নাছিল, যাৰ ফলত তেওঁৰ সৈতে যোগাযোগ কৰাটো সম্ভৱ হৈ উঠা নাই। উল্লেখ্য যে, ৫ ফুট ৭ ইঞ্চি উচ্চতাৰ খঞ্জনৰ গাৰ বৰণ বগা আৰু চুলি ক'লা ৰঙৰ। কদমণি ডাকঘৰৰ অন্তৰ্গত যুৱকজনৰ সন্ধান বিচাৰি এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো। কোনো ব্যক্তিয়ে যদি যুৱকজনক ক’ৰবাত প্ৰত্যক্ষ কৰে, তেনেহ'লে পলম নকৰি ৯৯৫৪২২০৮৬৩ অথবা ৯৯৫৭২৪৮২৩৮ নম্বৰত যোগাযোগ কৰি পৰিয়ালটোক সহায় কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। ইফালে যুৱক জনৰ সন্ধান দিওতালৈ ১০,০০০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে পিতৃয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ