অসমৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈ ৭ হাজাৰ কিলোমিটাৰ চাইকেলেৰে যাত্ৰা এজন অসমীয়াৰ
অসমৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈ ৭ হাজাৰ কিলোমিটাৰ চাইকেলেৰে যাত্ৰা এজন অসমীয়াৰ ৷
অসমৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈ ৭ হাজাৰ কিলোমিটাৰ চাইকেলেৰে যাত্ৰা এজন অসমীয়াৰ


গোলাঘাট, ২৬ ফেব্ৰুৱাৰী (হি.স.): অসমৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈ ৭ হাজাৰ কিলোমিটাৰ চাইকেলেৰে যাত্ৰা কৰে এজন অসমীয়াৰ ব্য়ক্তিয়ে ৷ ঐতিহাসিক গোলাঘাটৰ মেৰাপানীৰ গমাৰিগুৰিৰ পৰা বুধবাৰে বিয়লি এই যাত্ৰা আৰম্ভ কৰিছে ৰূপম গগৈ নামৰ এই যুৱকজনে ৷

মূলতঃ পৰিৱেশ সুৰক্ষা আৰু প্ৰদুষণ মুক্ত এখন পৃথিৱীৰ আশাৰে এই যাত্ৰা কৰিছে ৰূপম গগৈয়ে ৷ ৰূপমে লগতে সকলোকে এজোপাকৈ গছপুলি ৰুবলৈ আহ্বান জনায় ৷ গোলাঘাটৰ মেৰাপানীৰ পৰা শ্ৰীলংকালৈ মুঠ ৭ হাজাৰ কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰিবলৈ চাৰিমাহ দিন লাগিব বুলি তেওঁ অৱগত কৰে ৷ দৈনিক ৰূপমে ৮০ ৰ পৰা ১০০ কিলোমিটাৰ পথ চাইকেল চলাব বুলি অৱগত কৰে ৷ ৰূপমৰ এইয়া চাইকেলেৰে তৃতীয়টো যাত্ৰা ৷ ইয়াৰ পূৰ্বে ৰূপমে চাইকেলেৰে নেপালৰ কাঠমাণ্ডু, কাশ্মিৰৰ লাডাখ ভ্ৰমণ কৰিছিল ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande