ধুবুৰীত জিলা কৃষি বিভাগত ভয়ঙ্কৰ দুৰ্নীতিৰ অভিযোগ
ধুবুৰীত জিলা কৃষি বিভাগত ভয়ঙ্কৰ দুৰ্নীতি।
ধুবুৰীত জিলা কৃষি বিভাগত ভয়ঙ্কৰ দুৰ্নীতিৰ অভিযোগ


ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰীত কৃষি বিভাগত ভয়ঙ্কৰ দুৰ্নীতিৰ অভিযোগ উঠিছে । ধুবুৰী জিলা কৃষি বিষয়া (DAO)আজিম আহমেদৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । ধুবুৰী কৃষি বিভাগৰ ছত্ৰছায়াত ইউৰিয়া সাৰৰ ভয়ংকৰ ছিণ্ডিকেটৰাজ চলাই থকাৰ অভিযোগ উঠিছে।

অভিযোগ মতে ৮০০ টকাত বিক্ৰী হৈছে চৰকাৰে যোগান ধৰা ২৬৭ টকাৰ ইউৰিয়া সাৰ । খুচুৰা বিক্ৰেতাক বঞ্চিত কৰি কমিচনৰ অঙ্কত ঘনিষ্ঠ এচামক শ শ টন ইউৰিয়াৰ আৱন্টনৰ অভিযোগ উঠি আহিছে । কৃষি প্ৰধান ধুবুৰী জিলাত প্ৰতি বছৰৰ দৰে কৃষকে এইবছৰো জিলাখনত হাজাৰ হাজাৰ বিঘা ইৰি ধানৰ খেতি কৰিছে যদিও কৃষি বিভাগ আৰু কৃষি বিপনন পৰিষদৰ কৱলত পৰি নিৰ্ধাৰিত মূল্যতকৈ কৃষক সকলে অধিক দামত ইউৰিয়া ক্ৰয় কৰিব লগীয়া হৈছে। ২৬৭ টকাৰ ইউৰিয়া কৃষক সকলে অঞ্চলভেদে ৮০০ ৰ পৰা হাজাৰ টকাকৈ দামত কিনিব লগা হৈছে। প্ৰায় এমাহমান পূৰ্বে ধুবুৰীৰ গোপী ষ্টোৰ, হক ব্ৰাদাৰ্চ,ৰয় এগ্ৰো এজেন্সি, ৰবি এগ্ৰো ট্ৰেডাৰ্চ, ভাই ভাই ফাৰ্টিলাইজাৰ ছপিয়ৰ ষ্টোৰ আদি কুৰিটাৰো অধিক ডাঙৰ দোকানৰ স্বত্বাধিকাৰীৰ গুদাম ঘৰত কেইবাহাজাৰ টন ইউৰিয়া মজুত কৰি জিলা খনৰ খুচুৰা ৰসায়নিক সাৰ বিক্ৰেতা সকলোক ইউৰিয়াৰ আৱন্টন বন্ধ ৰখা হৈছিল। এনে ভয়ংকৰ ছিণ্ডিকেটৰাজৰ বাবে একাংশ দোকানীক বিগত ৩০ দিনত মাত্ৰ ১৫-২০ বস্তাৱ ইউৰিয়া আৱন্টন দিয়াৰ বিপৰীতে আন ছিণ্ডিকেটৰাজৰ ঘনিষ্ঠ দোকানী সকলোক ৭-৮ হাজাৰ বস্তাকৈ ইউৰিয়া আৱন্টন দিয়া হৈছে।

ইৰি ধানৰ পথাৰত ইউৰিয়া দিয়াৰ সময়তে জিলা খনৰ চাৰি শতাধিক খুচুৰা ৰসায়নিক সাৰ বিক্ৰেতাক বঞ্চিত কৰি দুৰ্নীতিগ্ৰস্ত কৃষি বিভাগৰ ছিণ্ডিকেট চক্ৰটোৰ ঘনিষ্ঠ দোকানী সকলোক অধিক মুনাফা উপাৰ্জনৰ পথ প্ৰশস্ত কৰি দিছে বিভাগটোৱে। কেৱল এয়াই নহয় কৃষি বিপনন পৰিষদে আকাংক্ষিত কমিছন নাপাই বিগত দুটা বছৰে খুচুৰা ৰসায়নিক সাৰ বিক্ৰেতা সকলোক ইউৰিয়া বিক্ৰীৰ বাবদ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তা প্ৰতি ২০ টকাকৈ মাননি আদায় দিয়া নাই। ইপিনে ছিণ্ডিকেট চক্ৰটোৰঅ ইউৰিয়াৰে চলি থকা অবৈধ সাৰৰ দোকান সমূহৰ বিৰুদ্ধেও কৃষি বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। ঘটনা সন্দৰ্ভত বীৰছিং জৰুৱা ব্লক খুচুৰা ৰসায়নিক সাৰ বিক্ৰেতা সন্থাই দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত কৰি আহিছে যদিও কোনো ধৰণৰ সুফল নোপোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ত জন স্বাৰ্থ জনিত গোচৰ তৰাৰ প্ৰস্তুতি চলোৱাৰ কথা জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande