
নগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কঠিয়াতলীত বিজেপিত যোগদান কাৰ্য্যসুচী। আজি কঠিয়াতলীত প্ৰায় শতাধিক পুৰুষ মহিলাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰে। এই উপলক্ষে কঠিয়াতলী টেম্পো ষ্টেণ্ড ত এখন সভা অনুস্থিত হয়। বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত প্ৰাক্তন কংগ্ৰেছ কৰ্মী পদ্ম বৰাৰ লগতে প্ৰায় শতাধিক অগপ আৰু কংগ্ৰেছ কৰ্মীয়ে যোগাদান কৰে।
যোগদান কাৰ্য্যসুচীত উপস্থিত থাকে কলিয়াবৰ বিজেপিৰ সভাপতি বাবুল বৰা,তিৱা স্বায়ত্ব পৰিষদৰ অধক্ষ্য মদন বৰদলৈ,বামুনি মণ্ডল সভাপতি অভিষেক সোমৰ লগতে বহু কেইগৰাকী বিজেপি দলৰ সদস্য -সদস্যাই। উক্ত সভাতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ প্ৰতি সন্মান জনাই প্ৰাক্তন অসম ৰাজ্যিক কংগ্ৰেছ কমিটিৰ পদ্ম বৰা আৰু ব্যৱসায়ী বিনোদ পাটৰৰ নেতৃত্বত কঠীয়াতলী পঞ্চায়তৰ অন্তৰ্গত শতাধিক কংগ্ৰেছ আৰু অ গপ কৰ্মীয়ে বি জে পিত যোগদান কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু