
ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ গৌৰাং নগৰ বজাৰত যোৱা কালি বুধবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰাইজে খেদি খেদি চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰাক কেন্দ্ৰ কৰি সৃষ্টি এই উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি ইমানেই ভয়ংকৰ হয় যে চোৰাং গৰু কঢ়িয়াই নিয়া বাহন ভাঙি চুৰমাৰ কৰে।
জানিব পৰামত, এএছ ১৪ ৭৩৪৪ নম্বৰৰ বাহন (ALTO 800) খনৰ ভিতৰত আছিল চাৰিটাকৈ গো ধন। কোকৰাঝাৰ জিলাৰ পৰা বিলাসীপাৰা অভিমুখে আহি আছিল গৰু ভৰ্তি বাহন খন। ঘটনাস্হলীত শালকোচা আৰক্ষী উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ'ল । পিছত ঘটনা অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত বিলাসীপাৰা সম জিলা আয়ুক্ত অধীক্ষক সহ বিলাসীপাৰা আৰক্ষীৰ বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ৰাইজৰ হাতৰ পৰা গৰু চোৰটোক উদ্ধাৰ কৰি শালকোচা আৰক্ষী চকী লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ