বিএছপিৰ বিধায়ক উমাশংকৰ সিঙৰ বলিয়া চৌহদত দ্বিতীয় দিনৰ বাবে আয়কৰ অভিযান
লক্ষ্ণৌ/বালিয়া, ২৬ ফেব্ৰুৱাৰী (হি.স.)। বহুজন সমাজ পাৰ্টিৰ একমাত্ৰ বিধায়ক উমাশংকৰ সিঙৰ পৰিয়ালৰ সদস্য আৰু সহযোগীসকলৰ বাসগৃহকে ধৰি বলিয়াৰ তিনিটা স্থানত বৃহস্পতিবাৰেও দ্বিতীয় দিনৰ বাবে আয়কৰ বিভাগৰ অভিযান অব্যাহত থাকে। বিধায়কগৰাকীৰ পূৰ্বপুৰুষৰ ঘ
विधायक उमाशंकर का आवास


লক্ষ্ণৌ/বালিয়া, ২৬ ফেব্ৰুৱাৰী (হি.স.)। বহুজন সমাজ পাৰ্টিৰ একমাত্ৰ বিধায়ক উমাশংকৰ সিঙৰ পৰিয়ালৰ সদস্য আৰু সহযোগীসকলৰ বাসগৃহকে ধৰি বলিয়াৰ তিনিটা স্থানত বৃহস্পতিবাৰেও দ্বিতীয় দিনৰ বাবে আয়কৰ বিভাগৰ অভিযান অব্যাহত থাকে। বিধায়কগৰাকীৰ পূৰ্বপুৰুষৰ ঘৰ, লক্ষ্ণৌৰ বাসগৃহ, আৰু অন্যান্য স্থানত আয়কৰ বিভাগৰ অভিযানে জিলাখনৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে। বিধায়ক উমাশংকৰ যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ প্ৰতাপ সিঙৰ ঘনিষ্ঠ আত্মীয়। এই কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে মন্ত্ৰী দীনেশ প্ৰতাপ আৰু বিএছপি প্ৰধান মায়াৱতীয়ে।

বুধবাৰে পুৱাৰে পৰা সন্ধিয়ালৈকে বিএছপি বিধায়ক উমাশংকৰ সিঙৰ পূৰ্বপুৰুষৰ গাঁও খানৱাৰকে ধৰি লক্ষ্ণৌ আৰু বলিয়াত অভিযান চলাইছিল । উত্তৰ প্ৰদেশৰ বহুজন সমাজ পাৰ্টিৰ অকলশৰীয়া বিধায়ক উমাশংকৰ সিং। লক্ষ্ণৌত আয়কৰ বিভাগৰ অভিযান বুধবাৰে সন্ধিয়া সমাপ্ত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰেও বালিয়াত অভিযান অব্যাহত আছে। উমাশংকৰ সিঙৰ পূৰ্বপুৰুষৰ গাঁও খানৱাৰৰ বাসগৃহ, মঠিয়া গাঁৱৰ ভূপেন্দ্ৰ সিঙৰ ঘনিষ্ঠ বুলাকী দাসৰ বাসগৃহ আৰু দৌলতপুৰৰ আন এজন ঘনিষ্ঠ সঞ্জয় সিং আৰু প্ৰবীণ সিঙৰ বাসগৃহত অভিযান চলায়। বিধায়কগৰাকীৰ চৌহদৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে যদিও বিভাগটোৱে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই।

লক্ষণীয় যে বুধবাৰে বিয়াৰ ষ্টীকাৰ লগোৱা কেইবাখনো বাহনেৰে বালিয়াৰ খানৱাৰত থকা বিএছপি বিধায়ক উমাশংকৰ সিঙৰ বাসগৃহত উপস্থিত হয় বিষয়াসকল। স্থানীয় আৰক্ষীয়ে তেওঁলোকৰ সৈতে গৈছিল। বিষয়াসকলে বিধায়কগৰাকীৰ পূৰ্বপুৰুষৰ গাঁও খানৱাৰৰ ঘৰ ঘেৰাও কৰি প্ৰৱেশ আৰু প্ৰস্থান নিষেধাজ্ঞা আৰোপ কৰে। আয়কৰ অভিযানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে উমাশংকৰ সিঙৰ পুত্ৰ কৰ্কট ৰোগত আক্ৰান্ত যুকেশ সিঙে। বৃহস্পতিবাৰে তেওঁ ফেচবুকত লিখিছে, আমি আয়কৰ বিভাগৰ দলটোক সহযোগিতা কৰি আছো। মোৰ পিতৃ উমাশংকৰ সিঙেও তেওঁৰ চিকিৎসাৰ প্ৰয়োজনীয়তাত সহযোগিতা আগবঢ়াইছে। তেওঁ সময়মতে ঔষধ খাই আছে।

দৰাচলতে চিকিৎসাজনিত কাৰণত উমাশংকৰ সিং লক্ষ্ণৌৰ নিজৰ বাসগৃহত আইছ’লেশ্যনত থকাৰ বিপৰীতে বিধায়কগৰাকীৰ ভাতৃ ৰমেশ সিং, তেওঁৰ পিতৃ আৰু তেওঁৰ সমগ্ৰ পৰিয়াল তেওঁলোকৰ পূৰ্বপুৰুষৰ গাঁৱৰ ঘৰত আছে। বিএছপি বিধায়ক উমাশংকৰ সিঙৰ সহযোগীৰ মোবাইল নম্বৰ চুইচ অফ। বৃহস্পতিবাৰে তিনিটা স্থানত আয়কৰ অভিযানৰ কথা নিশ্চিত কৰিছে বিধায়কগৰাকীৰ ঘনিষ্ঠ সহযোগী তথা ৰাছৰাৰ ব্লক মুখ্য প্ৰতিনিধি সতীশ সিঙে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande