বিধানসভা নিৰ্বাচনঃ ৰঙিয়াত সলনি হ’ব পাৰে শাসকীয় দলৰ প্ৰাৰ্থিত্ব
কামৰূপ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । সমান্তৰালভাৱে ৰাজনৈতিক মহলত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ লগতে প্ৰশাসনৰ মাজতো তৎপৰতা আ
নিৰ্বাচনী ৰাজনীতি


কামৰূপ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । সমান্তৰালভাৱে ৰাজনৈতিক মহলত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ লগতে প্ৰশাসনৰ মাজতো তৎপৰতা আৰম্ভ হৈছে ।

বৰ্তমানৰ ৩১নং ৰঙিয়া বিধানসভা সমষ্টি হৈছে কামৰূপ জিলাৰ অন্তৰ্গত অন্যতম এক গুৰুত্বপূৰ্ণ সমষ্টি । ৰঙিয়া সমষ্টিতো শাসকীয় আৰু বিৰোধী দলসমূহে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । বৰ্তমানৰ বিজেপি চৰকাৰখনৰ শাসনৰ সময়ত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত

বিভিন্ন ঐতিহাসিক মঠ-মন্দিৰ-নামঘৰৰ সমাহাৰ ৰঙিয়া সমষ্টিৰো সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছে। এই সমষ্টিটোৰ পূব দিশত আছে নৱগঠিত গোৰেশ্বৰ সমষ্টি, পশ্চিম দিশত আছে নলবাৰী আৰু হাজো সমষ্টি, উত্তৰে নৱগঠিত তামুলপুৰ সমষ্টি আৰু দক্ষিণে আছে কমলপুৰ সমষ্টি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই বিধানসভা সমষ্টিটোৰ পৰা গোৰেশ্বৰ আৰু বেতনা মৌজা দুটা কৰ্তন হৈ নতুনকৈ গঠন হোৱা তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে । ইয়াৰ বিপৰীতে কমলপুৰ সমষ্টিৰ লগতে হাজো সমষ্টিৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল ৰঙিয়াত অন্তৰ্ভুক্ত হৈছে । পূৰ্বতে হাজো সমষ্টিৰ অন্তৰ্গত ধুহী, বিষ্ণুপুৰ, কঞা-বৰপুল্লা, বাৰাংহাটী, শ্বহীদ সত্যনাথ, মনাহকুছি-বাহানা-হাদালা-চেঁচামুখ গাঁও পঞ্চায়ত ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত হৈছে । ইয়াৰ উপৰি নিকটৱৰ্তী কমলপুৰ সমষ্টিৰ পুঠিমাৰী, কেন্দুকোনা, বৰডেকপাৰ, আঠগাঁও, বোৰ্কা, সোণাপুৰ, গুইয়া আদি গাঁও পঞ্চায়তৰ বহু অঞ্চল ৰঙিয়াৰ অন্তৰ্ভুক্ত হৈছে।

আনহাতে ২৭-১২-২০২৫ তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ তথ্য অনুসৰি, এই সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা ২,১৬,৫৯৯ জন । ইয়াৰে ভিতৰত ১,০৭,২৫৮ গৰাকী মহিলা ভোটাৰৰ বিপৰীতে ১,০৯,৩৪১ গৰাকী পুৰুষ ভোটাৰ আছে । লগতে ৬২১ গৰাকী ছাৰ্ভিচ ভোটাৰ আছে ।

যোৱা দুটা কাৰ্যকালত ভাৰতীয় জনতা পাৰ্টীৰ পৰা ভৱেশ কলিতাই জয়লাভ কৰিছে । তেওঁ ২০১৬ চনত কংগ্ৰেছৰ ঘনশ্যাম কলিতাতকৈ ৩২,০৬৭ টাতকৈ অধিক ভোট লাভ কৰি জয়ী হৈছিল । লগতে ২০২১ চনত চি পি এমৰ ডাঃ ভগৱান দেৱ মিশ্ৰতকৈ ২০,২২০ ভোট অধিক লাভ কৰি পুনৰবাৰ বিধায়ক হৈছিল । অৱশ্যে আগন্তুক বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থী সলনি হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে ৰাজনৈতিক মহলে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপি দলে ৰঙিয়াতো আৰম্ভ কৰিছে বুথ বিজয় অভিযান।

নৱগঠিত ৰঙিয়া সমষ্টিৰ বিভিন্ন স্থানত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় সতীৰ্থৰ সৈতে বুথ বিজয় অভিযানত অংশগ্ৰহণ কৰি গৈছে । ৰাজ্যিক সভাপতিগৰাকীৰ লগতে এই অভিযানত প্ৰায়ে দেখা গৈছে অসম বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা, নৱদ্বীপ কলিতা আৰু জিলা সভাপতি ভাস্কৰ কলিতাক । এইক্ষেত্ৰত দেখিবলৈ পোৱা নাই স্থানীয় বিধায়ক ভৱেশ কলিতাক । তেনেক্ষেত্ৰত ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থী সলনি হ’ব নেকি বুলি প্ৰশ্ন উঠিছে। ৰঙিয়া সমষ্টিত ভৱেশ কলিতাক আতৰাই ৰাতুল শৰ্মা অথবা নৱদ্বীপ কলিতাই বিজেপি দলৰ প্ৰাৰ্থীত্ব পাব পাৰে । ইয়াকে লৈ ৰঙিয়া সমষ্টিত দলীয় কৰ্মী সমৰ্থকৰ মাজত সঘনাই সৰৱ চৰ্চা চলিব ধৰিছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande