
গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ বিমান পৰিবহণ খণ্ডক শক্তিশালী কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ। গুৱাহাটীত এয়াৰবাছ মেইণ্টেনেন্স এণ্ড মেৰামতি (এম আৰ অ’) হাব স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই হাবটো গুৱাহাটী বিমানবন্দৰত গঢ়ি তোলা হ’ব, যাৰ ফলত ৰাজ্যৰ বিমান পৰিবহণৰ আন্তঃগাঁথনি বৃদ্ধি পাব। বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এইদৰে কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
তেওঁ উল্লেখ কৰে যে এই এম আৰ অ’ ইউনিট ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই (এ এ আই) স্থাপন কৰিব। এই প্ৰকল্পৰ আৰম্ভণিৰ লগে লগে অসম উত্তৰ-পূব অঞ্চলত বিমান ৰক্ষণাবেক্ষণ সেৱাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।
তদুপৰি, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত (এইচি) দাসল্ট এভিয়েশনৰ ৰাফেল ইঞ্জিনিয়াৰিঙৰ সৈতে জড়িত হাব স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ দ্বাৰা ৰাজ্যত উচ্চমানৰ মহাকাশ প্ৰযুক্তি আৰু কাৰিকৰী সেৱাৰ প্ৰসাৰ ঘটিব।
এই পদক্ষেপে অসমৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বিমান আৰু প্ৰতিৰক্ষা খণ্ডৰ দক্ষ আৰু প্ৰশিক্ষিত যুৱক-যুৱতীসকলে ৰাজ্যৰ ভিতৰতে উন্নত সুযোগৰ সুবিধা লাভ কৰিব। অসমক দেশৰ উদীয়মান বিমান ৰক্ষণাবেক্ষণ আৰু মহাকাশ অভিযান্ত্ৰিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
हिन्दुस्थान समाचार / ৰমেন বৰ্মণ