
শোণিতপুৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচাত মাদক দ্ৰব্য নিবাৰন, জুৱা খেল বন্ধ কৰাৰ দাবীত এক সজাগত সভা অনুষ্ঠিত কৰা হৈছে ৷
ৰাইজ ছাত্ৰ-ছাত্ৰীৰ শোভযাত্ৰা ৷ ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচাৰ উদ্যোগত তথা নতুন আদাবাৰী শাখাৰ সহযোগত ধঁপাত, মাদক দ্ৰব্য,গুটখা, জুৱা খেল আৰু অন্যান্য নিচাকাৰক দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয় ৷
ৰঙাপৰাৰ একাংশ চাহ বাগিচাত চুলাই মদ আৰু নিচাযুক্ত সামগ্ৰীৰ প্ৰচলনৰ বাবে বহু পৰিয়াল নিশেষ হোৱাৰ দিশে গতি কৰিছে। এনে নিচাজাতীয় সামগ্ৰী বাগিচা অঞ্চলত বন্ধ কৰাৰ দাবীত বাগিচা খনৰ একাংশ ছাত্ৰ-ছাত্ৰী স্থানীয় ৰাইজ বাগিচা খনৰ পৰিচালক, অসম চাহ মজদুৰ সংঘৰ বিষয় ববীয়াৰ লগতে আটছাই এক শোভাযাত্ৰা উলিয়াই ৷
বাগিচা অঞ্চলত নিচাজাতীয় সামগ্ৰী বন্ধ কৰক চুলাই মদ বন্ধ কৰক আদি শ্লোগানেৰে বাগিচাৰ পৰিবেশ উত্তাল কৰি তোলে ৷ চাহ বাগিচা অঞ্চলত চুলাই মদ আৰু বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনৰ ফলত বহু পৰিয়াল আজি ধ্বংসৰ মুখলৈ গতি কৰাৰ লগতে সামাজিক আৰু শৈক্ষিক পৰিবেশ বিনষ্ট হৈ আহিছে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু