
শিৱসাগৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। শিৱসাগৰ জিলাৰ নামতি আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰে। বুধবাৰে নিশা তালাচীৰ সময়ত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়। এই অভিযানত দুজনকৈ গাঞ্জা সৰবৰাহকাৰী আটক কৰা লগতে জব্দ কৰে এখন চুইফ্ট বাহন।
জানিব পৰা মতে যোৰহাট টিয়কৰ পৰা নাজিৰা অভিমুখে এখন বগা ৰঙৰ চুইফ্ট বাহনত গাঞ্জা লৈ আহি থকাৰ খবৰৰ এক গোপন সূত্ৰৰ পৰা লাভ কৰে। ইয়াৰ পাছতেই নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভুবনজ্যুতি গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ঐতিহাসিক ধোদৰ আলিত যানবাহন সমূহত তালাচী চলাই জব্দ কৰে গাঞ্জা খিনি ।
আৰক্ষীয়ে আটক কৰা লোক দুজন টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বামুন পুখুৰী বৰা গাঁৱৰ হেমন্ত বৰা আৰু টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত খাৰঘৰীয়া গাঁৱৰ বিশ্বজ্যোতি ফুকন বুলি জানিব পৰা গৈছে।
আটক কৰা লোক দুজন পৰা নামতি আৰক্ষীয়ে ১.৫৩৭ কিলোগ্ৰাম সন্দেহজনক গাঞ্জা, দুটা মোবাইল ফোন, ৬,৯৬০ টকা নগদ ধন সহ এএছ ০৩ এডি ৮০৫৯ নম্বৰৰ এখন চুইফ্ট বাহন জব্দ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা