
যোৰহাট, ২৬ ফেব্ৰুৱাৰী (হি.স.)। যোৰহাটস্থিত আছাম ৰাইফলছ কুকুৰ প্ৰশিক্ষণ কেন্দ্ৰত গৃহ মন্ত্ৰনালয়ৰ উদ্যোগত অনুষ্ঠিত ন্যােশনেল পুলিচ কে নাইন ছেমিনাৰত পুলিচ কে নাইন ইউনিটৰ উন্নত ক্ষমতা আৰু পৰিকল্পিত কৌশলিক দক্ষতা প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত কুকুৰ প্ৰশিক্ষণ ইউনিটটোৰ কঠোৰ প্ৰশিক্ষণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাত অৱদানৰ বিষয়ে তুলি ধৰাৰ প্ৰয়াস কৰে।
আসাম ৰাইফলছৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ সমুহৰ দ্বাৰা এক বিশেষ আকৰ্ষণীয় ডগ শ্ব' সম্পন্ন কৰে। য'ত বিভিন্ন অপৰাধমুলক ঘটনা যেনে বোমাতংক, নিষিদ্ধ ড্ৰাগছৰ প্ৰয়োভৰ, সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চেষ্টা ইত্যাদি বিভিন্ন দিশত এক প্ৰদৰ্শনীমুলক অনুষ্ঠান অনুষ্ঠিত কৰে।
উল্লেখ্য যে যোৰহাটৰ এই প্ৰশিক্ষণকেন্দ্ৰৰ পৰা উত্তৰ পুৱৰ বিভিন্ন ক্ষেত্ৰলৈ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে। লগতে ইতিমধ্যে ভাৰতৰ সেনা বাহিনীৰ সৈতে শত্ৰুপক্ষৰ বিৰুদ্ধে যুঁজ দি আহিছে এইসমুহ কুকুৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু