
হোজাই, ২৬ ফেব্ৰুৱাৰী (হি.স.): হোজাই জিলাৰ লংকা ৰে’ল ষ্টেচনত যাত্ৰীৰ সুবিধাৰ্থে যোৱা কালি বুধবাৰৰ নিশাৰ পৰা ডিব্ৰুগড়/ লালগড় অৱধ অসম ৰে’লগাড়ী খন ৰখোৱাৰ ব্য়ৱস্থা কৰা হৈছে । বহু দীৰ্ঘদিনিয়া সংগ্ৰামৰ অন্তত: লংকাবাসী ৰাইজে উক্ত তিনিখন যাত্ৰীবাহী ৰে’ল যাতায়তৰ বাবে পোৱাত উৎফুল্লিত বৃহত্তৰ লংকা বাসী ৰাইজ ।
লংকা ৰে’লষ্টেচনত ৰাখিৱ অৱধ অসম এক্সপ্ৰেছ, শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ আৰু শিলচৰ-শিয়ালদহ এক্সপ্ৰেছ। বুধবাৰে সন্ধিয়া লংকা ৰে’লষ্টেচনত নামনীমুৱা ডিব্ৰুগড়/লালগড় অৱধ অসম এক্সপ্ৰেছৰখোৱাত ৰে’লখনৰ চালক দুজনক অসমীয়াৰ স্বাভিমান এখনকৈ ফুলাম গামোচা আৰু মিঠাইৰে আদৰণী জনোৱা হয় । আজিৰ উক্ত অনুষ্ঠানত লংকা ৰে’লষ্টেচনত লংকা এন.এফ. ৰেলৱে উৱেলফেয়াৰ এচছিয়নকে ধৰি বৃহত্তৰ লংকা অঞ্চলৰ কেইবাটাও দল সংগঠনৰ লোক আৰু একাংশ স্থানীয় ৰাইজ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ