
কোকৰাঝাৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ তুলসীবিলত ৩০ খন বিছনাযুক্ত আধুনিক চিকিৎসালয় এখন উদ্বোধন কৰা হয় । বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বছুমতাৰীয়ে বুধবাৰে বিয়লি আনুষ্ঠানিক ভাৱে মুকলি কৰে চিকিৎসালয়খন । চিকিৎসালয়খনত প্ৰাথমিক চিকিৎসাৰ লগতে মাতৃ-শিশু স্বাস্থ্যসেৱা আৰু প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থা থাকিব বুলি উল্লেখ কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।
অনুষ্ঠানত স্বাস্থ্য বিষয়াৰ লগতে বিধায়ক ৰবিৰাম নাৰ্জাৰীসহ বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে । কালি বিয়লি বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বছুমতাৰীয়ে তুলসীবিল অঞ্চলৰ ৰাইজৰ সুবিধার্থে ৩০খন বিছনাযুক্ত এখন আধুনিক চিকিৎসালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থকা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে চিকিৎসালয়খনত প্ৰাথমিক চিকিৎসাৰ সুবিধাৰ লগতে মাতৃ-শিশু স্বাস্থ্যসেৱা আৰু প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ সুব্যৱস্থা থাকিব বুলি উল্লেখ কৰে। ইয়াৰ ফলত স্থানীয় লোকসকলে দূৰ-দূৰণি চিকিৎসালয়লৈ যাব নালাগিব । স্থানীয় ৰাইজেও এই পদক্ষেপক আদৰণি জনাই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ই এক ইতিবাচক পদক্ষেপ বুলি মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ