
গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী (হি.স.)। বকোৰ নাগোপাৰাত নিশা পথ দুৰ্ঘটনাত নিহত এজন লোক। নিহত সুকুমাৰ বসুমতাৰী (৩৭)। নিহত লোকজনৰ ঘৰ বকোৰ ভোগদাবাৰীত। নিশা অচিনাক্ত বাহনে খুন্দাই যোৱাৰ সন্দেহ। গৃহলৈ বাইকেৰে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনা।
নিশাই ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী। ব্যক্তিজনক আৰক্ষীয়ে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটীৰ স্বাগত হস্পিতালত মৃত্যু হয় লোকজনৰ। আৰক্ষীয়ে ঘটনাস্থলীৰপৰা পৰা উদ্ধাৰ কৰিছে এ এছ ১৪ এল ৪২৩০ নম্বৰৰ এখন বাজাজ পালচাৰ মটৰচাইকেল ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা