ডিফু চহৰৰ মাজ মজিয়াত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী
ডিফু চহৰৰ মাজ মজিয়াত আটক দুই ড্ৰাগ্চ সৰবৰহী।
ডিফু চহৰৰ মাজ মজিয়াত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী


কাৰ্বি আংলং, ২৫ ফেব্ৰুৱাৰী (হি.স.): কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ মাজ মজিয়াত আৰক্ষীৰ অভিযানত যোৱা কালি মঙ্গলবাৰে নিশা আটক কৰা হয় দুই ড্ৰাগছ সৰবৰাহকাৰী। তেওঁ লোকৰ পৰা নিচাজাতীয় ৯৮টা টেবলেট জব্দ কৰা হয়।

ধৃত লোক দুজনৰ নাম ৰিকিচন তেৰাং আৰু বৰলংকি ৰংফাৰ বুলি জনা গৈছে। লগতে জব্দ কৰা হৈছে এএছ ০৯ চি ১১৫২ নম্বৰৰ এখন যাত্ৰীবাহী অট'। ডিফুৰ ভাৰপ্ৰাপ্ত বিষয়া যোছেফ কেইভমৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande