
কোকৰাঝাৰ, ২৫ ফেব্ৰুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ চহৰত দিন দুপৰতে দুৰ্বৃত্তই লুটি নিলে দুই লাখ টকা ৷ মহকুমাৰ সদৰ চহৰৰ মাজমজিয়াত সংঘটিত হ’ল টকা চুৰিৰ ঘটনা ৷ যোৱা কালি মঙলবাৰে বিয়লি টিপি ৰোডস্থিত বিপিএফ দলৰ গোসাঁইগাঁও জিলা সমিতিৰ কাৰ্যলয়ৰ সন্মুখতে সংঘটিত হ’ল এই চাঞ্চল্যকৰ ধন লুটৰ ঘটনা ৷
জানিব পৰা মতে মহকুমাৰ তুলসীবিল আৰক্ষী চকী এলেকাৰ মক্ৰামবিল গাঁৱৰ সহৰ আলী নামৰ ঠিকাদাৰ জনে বিয়লি ভাৰতীয় ষ্টেট বেংকৰ গোসাঁইগাঁও শাখাৰ পৰা দুই লাখ টকা উঠাই বিপিএফৰ জিলা কাৰ্যলয়ৰ সন্মুখত এ এছ ১৬-জে/৪৬০৭ নম্বৰৰ নিঅ’ বলেৰো বাহনখন ৰাখি কাৰ্যলয়ৰ ভিতৰত প্ৰবেশ কৰাৰ পিছতে দুৰ্বৃত্তই খিৰিকীৰ গ্লাচ ভাঙি সমুদায় ধন লুটি লৈ যায় ৷ জানিব পৰা মতে ঠিকাদাৰ জনে কালি বিয়লি এছবিআইৰ গোসাঁইগাঁও শাখাৰ পৰা দুই লাখ টকা উঠাই পোনে পোনে বিপিএফ কাৰ্যলয়ৰ সন্মুখত বাহনখন ৰাখি এগৰাকী লোকৰ সৈতে দেখা কৰিবলৈ ভিতৰত প্ৰবেশ কৰিছিল ৷ ঠিকাদাৰ জনে বাহনৰ ভিতৰতে টকা খিনি ৰাখি কাৰ্যলয়ৰ ভিতৰত প্ৰবেশ কৰিয়েই পিছ মুহুৰ্ততে উভতি আহে যদিও ইতিমধ্যে বলেৰো বাহনৰ পৰা দুৰ্বৃত্তই টকা লৈ যোৱা প্ৰত্যক্ষ কৰি ধৰ ধৰ বুলি চিঞৰি চিঞৰি খেদি যায় যদিও পালছাৰ বাইকত অহা দুগৰাকী দুৰ্বৃত্তই তীব্ৰ বেগেৰে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷
ঘটনা সন্দৰ্ভত ঠিকাদাৰ সহৰ আলীয়ে প্ৰকাশ কৰা মতে মাত্ৰ তিনি মিনিটৰ ব্যৱধানতে কলা ৰঙৰ পালছাৰ মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তই বাহনৰ গ্লাচ ভাঙি দুই লাখ টকা লৈ উধাও হয় ৷ সম্প্ৰতি সদৰ চহৰত চলিত মাহটোত একাধিক তেনে ঘটনা সংঘটিত হৈছে৷মটৰ চাইকেলত অহা দুৰ্বৃত্তই সঘনাই মহিলা তথা অকলশৰীয়া লোকৰ পৰা ধন-সোণ লুটি নিয়াৰ একাধিক ঘটনা সংঘটিত হৈছে ৷ কিন্তু কোনো এটা ঘটনাতে আৰক্ষীয়ে চিলনী চোৰৰূপী দুৰ্বৃত্ত সকলক কৰায়ত্ব কৰিব নোৱাৰিলে ৷ অনুৰূপ ধৰণে সদৰ চহৰৰ মাজমজিয়াত লোকে-লোকাৰণ্য হৈ থকা বিপিএফৰ জিলা সমিতি তখা শৰাইবিল ব্লক সমিতিৰ কাৰ্যলয়ৰ সন্মুখতে তেনে ঘটনা সংঘটিত হোৱাত স্বাভাৱিকতে ৰাইজৰ মাজত আতংক বিয়পি পৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ