কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত ৫২৬ সংখ্যক ঐতিহাসিক গৰখীয়া সবাহ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
তামুলপুৰ, ২৫ ফেব্ৰুৱাৰী (হি.স.)। তামুলপুৰ জিলা সদৰস্থ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত ৫২৬ সংখ্যক ঐতিহাসিক গৰখীয়া সবাহ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। তামুলপুৰ জিলাৰ কচুবাৰীস্থিত মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰত অহা ২৬ ফেব্ৰুৱাৰী
কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত ৫২৬ সংখ্যক ঐতিহাসিক গৰখীয়া সবাহ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি


তামুলপুৰ, ২৫ ফেব্ৰুৱাৰী (হি.স.)। তামুলপুৰ জিলা সদৰস্থ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত ৫২৬ সংখ্যক ঐতিহাসিক গৰখীয়া সবাহ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। তামুলপুৰ জিলাৰ কচুবাৰীস্থিত মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰত অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫২৬ সংখ্যক ঐতিহাসিক গৰখীয়া সবাহ মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। কাইলৈ ২৬ ফেব্ৰুৱাৰীৰ বৃহস্পতিবাৰে পুৱা ৮:৪৫ বজাত মহাপ্ৰভু শ্ৰীশ্ৰীগোপালৰ আৰু জগন্নাথ থান সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেন ৰাভাই ধৰ্মধ্বজা উত্তোলনেৰে মহোৎসৱৰ শুভাৰম্ভ কৰিব।

ইয়াৰ পাছতে পুৱা ৯ বজাত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰণে মহোৎসৱৰ মুখ্যদ্বাৰ উন্মোচন কৰিব আৰু ৯:২০ বজাত বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মন্দিৰৰ দ্বাৰ উন্মোচন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰিব। পুৱা ১০ বজাত তামুলপুৰৰ আদৰ্শ খেতিয়ক হৱেন্দ্ৰ নাথ ৰাভাই স্বেচ্ছাসেৱকৰ কাৰ্যালয় উদ্বোধন কৰিব আৰু ১০:২০ বজাত মহাপ্ৰভু থান সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক খগেন দাসে মহাপ্ৰভু থান সত্ৰৰ কেলেণ্ডাৰ উন্মোচন কৰিব। পুৱা ১০:৪০ বজাত অনুষ্ঠিত হ’বলগীয়া স্মৃতি তৰ্পণ কৰা হ’ব। সবাহ মহোৎসৱ উপলক্ষে বাণিজ্য মেলাৰ লগতে আয়তী নাম নাগাৰা নাম ওজাপালি ঢুলীয়া প্ৰদৰ্শনৰ দিহা কৰা হৈছে ৷ সাংস্কৃতিক অনুষ্ঠানৰ লগতে কৃতি ছাত্ৰছাত্ৰীৰ সম্বৰ্দ্ধন অনুষ্ঠানৰ উপৰিও বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ এই গৰখীয়া সবাহ মহোৎসৱে বৃহত্তৰ কচুবাৰী গাঁৱৰ ২২ টা চুবুৰীৰ Export অঞ্চলটোৰ জাতি জনগোষ্ঠীৰ উপস্থিতিত সমন্বয়ৰ মহামিলন ঘটিব ৷

প্ৰতিবছৰে সবাহত অসমৰ বিভিন্ন জিলাৰ পৰা আহি ভক্ত সকলে ধুপ ধুকাৰে চাকি বন্তি জ্বলাই নিজৰ মনোকামনা সিদ্ধিৰ বাবে প্ৰভু গোপাল আৰু জগন্নাথৰ ওচৰত আঠু লয়হি ৷ আয়োজক সকলে সবাহত সকলো শ্ৰেনীৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande