
কোকৰাঝাৰ, ২৫ ফেব্ৰুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ তামাৰহাটৰ পোকালাগি গাওঁস্থিত জৰাজীৰ্ণ এখন কাঠৰ দলঙেৰে মৰণত শৰণ দি বিপদ সংকুলভাবে যাতায়ত কৰিবলৈ বাধ্য হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু গাওঁ বাসী ৰাইজ। নিৰ্বাচন আহিলে জনপ্ৰতিনিধিয়ে ভোটাৰ ৰাইজৰ কাষ চাপে, উন্নয়নৰ কথা কয়,বাট পথ দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত সকলো প্ৰতিশ্ৰুতি পাহৰি যায়। ফলত দুৰ্ভোগ ভুগিব লগীয়া হয় গাওঁবাসী ।
পুৰ্বৰ ২৮ নং গোঁসাইগাওঁ বিধানসভা সমষ্টি আৰু বৰ্তমান গৌৰীপুৰ বিধানসভা সমষ্টিৰ পলাশকান্দি পোকালাগি গাওঁ সংযোগী মুল পথৰ ওপৰত থকা এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা কলা খুৱাইছে ৰাইজক।দলং খন নিৰ্মাণ নকৰাত জৰাজীৰ্ণ দলঙেৰে বিপদ সংকুলভাবে স্কুল আৰু হাতীধুৰা মহাবিদ্যালয় লৈ যাব লগা হৈছে বহু ছাত্ৰ ছাত্ৰী। আনকি চিকিৎসালয় লৈ ৰোগী লৈ যোৱাৰ ক্ষেত্ৰতো অসুবিধাৰ সুন্মুখীন হৈ আহিছে গাওঁবাসী । দীৰ্ঘদিন ধৰি দলং খন জৰাজীৰ্ণ হৈ থকাৰ ফলত দুৰ্ভোগ ভুগিছে কেইবা খনো গাঁৱৰ সৰ্বসাধাৰণ ৰাইজ আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সকলে । এইক্ষেত্ৰত নিৰ্বাচনৰ পুৰ্বে দলং খন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ