
বিশ্বনাথ, ২৫ ফেব্ৰুৱাৰী (হি.স.)। বহি:ৰাজ্যত নিৰুদ্দেশ চতিয়াৰ পহুচৰা গাঁৱৰ ভক্ত দাস নামৰ এজন ব্যক্তি। যোৱা ৩০জানুৱাৰীক একেখন গাঁৱৰে কৃষ্ণ দাস নামৰ ব্যক্তিজনে ভক্ত দাসক কাম দিয়াৰ উদ্দেশ্যে প্ৰথমে তেজপুৰ তাৰপাছত কোচবিহাৰ আৰু পৰবতী সময়ত মহাৰাষ্ট্ৰলৈ লৈ গৈছিল। কিন্তু কৰ্মৰ বাবে ঘৰৰ পৰা বাহিৰলৈ লৈ যোৱাৰ পাছৰ পৰাই পৰিয়ালৰ লোকৰ লগত কথাবতৰা পতাত ভক্ত দাসক বাধা প্ৰদান কৰিছিল কৃষ্ণ দাস নামৰ বাক্তিজনে।
শেহতীয়াভাৱে পৰিয়ালৰ লোকে কৃষ্ণ দাসৰ লগত যোগাযোগ কৰাত ভক্ত দাস নামৰ ব্যক্তিজন তাত সন্ধানহীন হোৱা বুলি জানিবলৈ দিয়ে।ইয়াৰ পিছতেই চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ। ইতিমধ্যেই নিৰুদ্দেশ হোৱা ভক্ত দাসৰ কোনো সম্ভেদ নাপাই পৰিয়ালৰ লোকে চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।বহি:ৰাজ্যত সন্ধানহীন হোৱা ব্যক্তিজনৰ কোনো সম্ভেদ পালে পৰিয়ালৰ লোকে 7577822712 আৰু 8721939324 নম্বৰৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা