
বিশ্বনাথ, ২৫ ফেব্ৰুৱাৰী (হি.স.): বিশ্বনাথ জিলাৰ চতিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত পহুচোৱা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৪৮ বছৰীয়া ভক্ত দাস নামৰ এজন যুৱক বিগত ২৫ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে জানুৱাৰীৰ ৩০ তাৰিখে গাৱঁৰে কৃষ্ণ দাস নামৰ ব্যক্তি জনে ভক্ত দাসক ঘৰৰ তেজপুৰত কাম আছে বুলি লৈ যায় কিন্তু পিছত পৰিয়ালৰ লোকে যোগাযোগ কৰাত ভক্ত দাস কোচবিহাৰত কাম কৰি আছে বুলি কৃষ্ণ দাসে জানিবলৈ দিয়ে ৷
ইফালে ভক্ত দাসে ঘৰলৈ আহিব বিচৰাত কৃষ্ণই আহিবলৈ নিদিয়ে আকৌ পিছত পৰিয়ালৰ লোকে গম ভক্ত দাস মহাৰাষ্ট্ৰত আছে বুলি ৷ তাৰ পিছৰ পৰা পৰিয়ালৰ লোকে যোগাযোগ কৰাত কৃষ্ণই কয় ভক্ত ইয়াৰ পৰা হেৰাইছে আৰু বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্নস্থানত বিচাৰখোচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱক জনৰ কোনো সম্ভেদ লাভ কৰা নাই ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চতিয়া আৰক্ষী থানাত নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে ব্যক্তি গৰাকীৰ সন্ধান উলিয়াব পৰা নাই । কোনো সদাশয় লোকে ব্যক্তি জনৰ কোনো সম্ভেদ পালে ৭৫৭৭৮২২৭১২ আৰু ৮৭২১৯৩৯৩২৪ ফোন নম্বৰৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ