
শিৱসাগৰ, ২৫ ফেব্ৰুৱাৰী (হি.স.): শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চিৰিপুৰীয়া তিনিআলিত যোৱা কালি মঙলবাৰে সন্ধিয়া শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । গৌৰীসাগৰ-দিখৌমুখ সংযোগী বৰআলিত সংঘটিত হয় এই দুৰ্ঘটনাটো । পথ দুৰ্ঘটনাটোত দুজনকৈ কিশোৰৰ মৃত্যু হয় ।
নিহত ছাত্ৰ দুজন গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খৰাধৰা আৰু ধনেখোৱা গাৱৰ প্ৰিয়ানুজ বৰা(১৬) আৰু ৰিংকু ৰঞ্জন দত্ত বুলি জানিব পৰা গৈছে । ছাত্ৰ দুজন গৌৰীসাগৰ জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল । জানিব পৰামতে, এএছ ০৪ এজে ৮৩৬৬ নম্বৰৰ এখন স্কুটিৰে কলেজৰ পৰা ঘৰলৈ উভতাৰ পথত একে দিশে গৈ থকা এখন বাইকত স্কুটিখনে পাছফালৰ পৰা খুন্দা মাৰে । স্কুটিৰ পৰা ছাত্ৰ দুজন উফৰি পৰি এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আনজন ছাত্ৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। আনহাতে স্কুটিখনে পাছফালৰ পৰা খুন্দা মৰা বাইকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে বাইকত খুন্দা মৰা স্কুটিখন চুচৰি গৈ এএছ ০৬ এবি ৬৩৪৩ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনত খুন্দা মৰাৰ ফলত বাহনখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয়।নিহত ছাত্ৰ দুজনক আৰক্ষীয়ে উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষা সম্পাদনাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসলয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ