
নগাঁও, ২৫ ফেব্ৰুৱাৰী (হি.স.): নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ আৰক্ষী জোৱান আবুল কালামৰ যোৱা কালি মঙ্গলবাৰে সন্ধিয়া পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় । চাৰিদিন পূৰ্বে নগাঁও টাউনত দুৰ্ঘটনাত পতিত হৈছিল আবুল কালাম ।
ইয়াৰ পিছত তেওঁক পাটনাত চিকিৎসা কৰা হৈছিল। চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় আৰক্ষী জোৱান জনে। আবুল কালামৰ মৃত্যুত ৰূপহীহাট আৰক্ষী থানাত শোকৰ ছাঁ বিৰাজ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ